NORTHEAST NOW (Assamese)

পেঞ্চন বৃদ্ধি হ’ব পাৰে অসমৰ স্বাধীনতা সংগ্ৰামীৰ

September 18, 2018 6:44 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰীৰ সৈতে মুক্তিযোদ্ধাৰ বৈঠক। ছবি- য়ু বি ফট’জ।

বৃদ্ধি হ’ব পাৰে অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ পেঞ্চন। মুক্তিযোদ্ধাৰ ৰাজ্যিক উপদেষ্টা পৰিষদৰ সৈতে মঙলবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠকত বিষয়টো আলোচিত হৈছে।

‘মুক্তিযোদ্ধাসকলৰ পেঞ্চন বৃদ্ধিৰ প্ৰস্তাৱ বিত্ত বিভাগৰ বিবেচনাৰ্থে ইতিমধ্যে প্ৰেৰণ কৰা হৈছে,’ বৈঠকত মন্তব্য মুখ্য মন্ত্ৰী সোণোৱালৰ।

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকত মুক্তিযোদ্ধা পৰিষদে এতিয়ালৈকে পোৱা ১১৭টাৰ ভিতৰত ৭৯টা প্ৰস্তাৱ অনুমোদিত হয়।

বাকী ৩৮টা প্ৰস্তাৱ পৰৱৰ্তী সময়ত বিবেচনা কৰা হ’ব বুলি বৈঠকত আশ্বাস দিয়ে সোণোৱালে।

Related News