NORTHEAST NOW (Assamese)

পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাৰ অগপ ত্যাগক হাস্যকৰ নাটক আখ্যা অগপৰ

December 16, 2020 9:26 am · কল্পজ্যোতি শইকীয়া

বিধায়ক পবিন্দ্ৰ ডেকাৰ পদত্যাগক চূড়ান্ত সুবিধাবাদ আৰু হাস্যকৰ নাটক আখ্যা দিছে অসম গণ পৰিষদ দলে।

এক প্ৰেছ বিজ্ঞপ্তিত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় যে, আঞ্চলিকতাবাদৰ মুখা পিন্ধি ওৰেটো জীবন সুবিধাবাদী ৰাজনীতিত সিদ্ধহস্ত বিধায়ক ডেকাই পূৰ্বতেও অসম গণ পৰিষদ দল ত্যাগ কৰি কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলাৰ উদাহৰণ আছে।

নিজকে সাধু আৰু সততাৰ প্ৰতীক বুলি দাবী কৰা পবিন্দ্ৰ ডেকাৰ চতুৰালী সমষ্টিবাসীয়ে ভালদৰে জানে বুলিও মনোজ শইকীয়াই লগতে কয়।

সমষ্টিবাসীৰ সুখ-দুখৰ পৰা সততে আতৰি থাকি নিৰাপদ দুৰত্বত অৱস্থান কৰাটো পবিন্দ্ৰ ডেকাৰ জীৱনশৈলী বুলিও মনোজ শইকীয়াই সমালোচনা কৰে।

কোনো দিনে দলীয় সদস্য তথা সাধাৰণ লোকৰ দায়িত্ব বুজি নোপোৱা ডেকাৰ পদত্যাগ এক আমোদজনক ঘটনা বুলি বিবৃতিটোত উল্লেখ কৰে।

উল্লেখযোগ্য যে, ১৫ ডিচেম্বৰত এখন সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে অগপ ত্যাগ কৰা বুলি পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবীন্দ্ৰ ডেকাই মন্তব্য কৰিছিল।

পদত্যাগৰ সময়ত অগপই আঞ্চলিকতাবাদী চৰিত্ৰ একেবাৰে হেৰুৱাই পেলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিধায়কজনে।

Related News