‘অসম ছাত্ৰ পৰিষদ’,হৃত বিশ্বাস পুনৰুদ্ধাৰৰ আশাৰে অগপৰ নতুন ছাত্ৰ সংগঠন গঠনৰ সিদ্ধান্ত

অসমৰ আঞ্চলিক ছাত্ৰ সংগঠনক দুৰ্বল কৰিব নেকি?

AGP meeting

অগপৰ সাধাৰণ পৰিষদৰ সভা

বৃহস্পতিবাৰে আমবাৰীস্থিত অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা সাধাৰণ পৰিষদৰ বৈঠকৰ অন্তত ‘অসম ছাত্ৰ পৰিষদ’ নামৰ এটা নতুন ছাত্ৰ সংগঠন গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি অসম গণ পৰিষদৰ দলীয় নেতৃত্বই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

দলৰ সংবিধান সংশোধনেৰে নতুন ছাত্ৰ সংগঠনটো গঠন কৰাৰ বাবে ঐক্যবদ্ধ সিদ্ধান্তত উপনীত হৈছে বুলিও দলীয় সূত্ৰই প্ৰকাশ কৰে।

আনহাতে, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সংগঠনটোৰ সদস্য পদ গ্ৰহণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে।

অগপৰ নতুন ছাত্ৰ সংগঠনটোৱে সদৌ অসম ছাত্ৰ সন্থা, এবিভিপিকে ধৰি ছাত্ৰ সংগঠনসমূহক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অগপৰ কোনো ধৰণৰ ছাত্ৰ সংগঠন নাছিল যদিও দলটোৱে যুৱ ছাত্ৰ পৰিষদৰ মাধ্যমেৰে ছাত্ৰ ৰাজনীতিত খোপনি দৃঢ় কৰাৰ বাবে চেষ্টা কৰিছিল।

বৈঠকত অগপৰ সাংগঠনিক দিশতো ব্যাপক পৰিৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি দলীয় সূত্ৰত প্ৰকাশ পায়।

সেইমৰ্মে ৯ খন নতুন পৰিষদ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সাধাৰণৰ পৰিষদৰ সভাত অগপৰ প্ৰাণ পৰিষদ,শক্তি পৰিষদ,মণ্ডল  পৰিষদ,বিধান পৰিষদ,মহকুমা পৰিষদ,জিলা পৰিষদ,সংসদীয় পৰিষদ, কেন্দ্ৰীয় পৰিষদ আৰু শীৰ্ষতম কৰ্ম পৰিষদ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তদুপৰি, অগপৰ কেন্দ্ৰীয় সমিতিৰ গাঠনিতো পৰিৱৰ্তন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

নতুন সিদ্ধান্ত অনুসৰি, এগৰাকী সভাপতি, এগৰাকী কাৰ্যকৰী সভাপতি, ১২গৰাকী উপ-সভাপতি,৭ গৰাকী সাধাৰণ সম্পাদক,  ১৪ গৰাকী সম্পাদক, এগৰাকী সাংগঠনিক সাধাৰণ সম্পাদক, ১৪ গৰাকী সাংগঠনিক সম্পাদক, এগৰাকী প্ৰচাৰ সম্পাদক, তথ্য প্ৰযুক্তি বিভাগৰ  দুগৰাকী সম্পাদক, এগৰাকী বিত্ত সম্পাদক, এগৰাকী তথ্য আৰু প্ৰচাৰ সম্পাদক আৰু এগৰাকী কাৰ্যালয় সম্পাদক থাকিব।