ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছে সন্মানিত কৰিলে অসমৰ মিনাক্ষীক, কি কৰিছিল মিনাক্ষীয়ে?

্্ ্্্্্্index

স্বকীয় প্ৰতিভাৰে অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ বহু কণ কণ শিশুৱে দেশ-বিদেশৰ পৰা সন্মান বুটলিবলৈ সক্ষম হৈছে।

কোনোৱাই যদি দবা খেলি সন্মানৰ অধিকাৰী হৈছে কোনোৱাই আকৌ আন কোনো প্ৰতিভাৰে বিশ্বত নিজকে জিলিকাই তুলিবলৈ সমৰ্থ হৈছে।

শেহতীয়াকৈ ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছে অসমৰ এগৰাকী কিশোৰীক তেওঁৰ বিশিষ্ট অৱদানৰ বাবে বিশেষ সন্মানেৰে সন্মানিত কৰিছে।

গুৱাহাটীৰ পাণ্ডু নিবাসী মিনাক্ষী সিনহা নামৰ ১৫ বছৰীয়া কিশোৰীগৰাকীয়েনো এনে কি কাম কৰিছে যাৰ বাবে তেওঁক ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছে “Indian Excellency Award” সন্মানেৰে সন্মানিত কৰিবলগীয়া হ’ল?

সমগ্ৰ দেশতে যিটো সময়ত নাৰীৰ সুৰক্ষা নোহোৱা হৈ পৰিছে সেই সময়তে অসমৰ কিশোৰী মিনাক্ষীয়ে বহু যুৱতীক শিকাইছে আত্মৰক্ষাৰ কৌশল।

অতি কম বয়সতে সমৰকলাৰ অন্যতম বিষয় উছুত পাৰদৰ্শী হৈ পৰা মিনাক্ষীয়ে শেহতীয়াকৈ তেওঁ বাস কৰা অঞ্চলৰে ১২০ গৰাকী কিশোৰী-যুৱতীক বিনামূলীয়াকৈ আত্মৰক্ষাৰ প্ৰশিক্ষণ দিছে। মিনাক্ষীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰিছে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই।

মিনাক্ষীৰ ইতিবাচক কামৰ স্বীকৃতি স্বৰূপেই তেওঁক ইণ্ডিয়ান বুক অৱ  ৰেকৰ্ডছে আগবঢ়াইছে “Indian Excellency Award” ।

এই সন্মান লাভ কৰি ভৱিষ্যতে আৰু অধিক কিশোৰী-যুৱতীক আত্মৰক্ষাৰ প্ৰশিক্ষণ দিবলৈ উৎসাহিত হৈছে মিনাক্ষী।