NORTHEAST NOW (Assamese)

এছিয়ান জুনিয়ৰ চাইক্লিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দললৈ নিৰ্বাচিত অসমৰ ‘চয়নিকা গগৈ’

December 21, 2018 9:04 am · এন ই নাও নিউজ
Updated: December 21, 2018 9:35 am
ফেচবুকৰ পৰা লোৱা চয়নিকা গগৈৰ ফটো

অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক সুখবৰ। এগৰাকী দশম শ্ৰেণীত পঢ়ি থকা অসমৰ জীয়ৰীয়ে সুযোগ লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰাৰ। তেওঁ হৈছে চয়নিকা গগৈ ।

উল্লেখ্য যে চয়নিকাই অহা বছৰৰ ৮ জানুৱাৰিৰ পৰা ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান জুনিয়ৰ চাইক্লিং চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব।

ভাৰতীয় জুনিয়ৰ চাইক্লিং দলৰ অন্যতম সদস্য চয়নিকাই এই সুযোগ পোৱাৰ পূৰ্বেই ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভাৰ উমান দি থৈছে। তেওঁ ২০১৬ চনত শিলচৰত অনুষ্ঠিত তৃতীয় ৰাজ্যিক চাইক্লিঙত সোণ, ১৬-১৭ত মহাৰাষ্ট্ৰত অনুষ্ঠিত ৬২ সংখ্যক নেশ্যনেল স্কুল চাইক্লিঙত প্ৰথম স্থান, ১৭-১৮ট কৰ্ণাটকত অনুষ্ঠিত ২২তম নেশ্যনেল ৰোড চাইক্লিং প্ৰতিযোগিতাত ব্ৰঞ্জ, চলিত বৰ্ষত দিল্লীত অনুষ্ঠিত নেশ্যনেল ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

গহপুৰৰ ডুবিয়া বড়িগাঁৱৰ মৃদুল গগৈ আৰু পৱিত্ৰা গগৈৰ একমাত্ৰ কন্যা চয়নিকা গগৈয়ে ১৩ বছৰ বয়সৰ পৰাই জীৱন বৰাৰ তত্ত্বাৱধানত চাইক্লিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। এই পৰ্যন্ত প্ৰতিভাৱান চয়নিকাই ৭টা সোণ, ৪টা ৰূপ, ৫টা ব্ৰঞ্জৰ লগতে বিভিন্ন ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে।

Related News