• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এপিএছচি কেলেংকাৰি : ৰাকেশ পালৰ ভাতৃ ৰাজীৱ পালৰ আত্মসমৰ্পণৰ বাবে আৰক্ষীৰে যোগাযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 21, 2018 9:53 am

2 min read

550250-apsc-678x381-1-570x320-1-1-750x375
334
VIEWS
Share on FacebookShare on Twitter

অসম লোকসেৱা আয়োগৰ ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পালৰ অন্যতম সহযোগী ভাতৃ ৰাজীৱ পালে আত্মসমৰ্পন কৰিব। প্ৰায় দুবছৰ ধৰি আত্মগোপন কৰি থকাৰ পাছত অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ প্ৰস্তুতি চলাইছে ৰাজীৱ পালে। এই সন্দৰ্ভত ৰাজীৱ পালে আত্মসমৰ্পনৰ বাবে আৰক্ষীৰ সৈতে যোগাযোগ কৰাৰ কথা জানিব পৰা গৈছে।

জানিব পৰা মতে, ৰাজীৱ পালে মধ্যস্থতাকাৰীৰ জৰিয়তে আত্মসমৰ্পণৰ ইচ্ছা প্ৰকাশ কৰি তদন্তকাৰী আৰক্ষীৰ সৈতে যোগাযোগ চলাই আছে।

উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ কেলেংকাৰিৰ অন্যতম সহযোগী আছিল ভাতৃ ৰাজীৱ পাল। ৰাজীৱ পালৰ ছপাশালতে ৰাকেশ পালৰ ভুৱা পৰীক্ষাৰ উত্তৰবহীসমূহ ছপা কৰিছিল। ৰাজীৱে লগতে আয়োগৰ চাকৰি ক্ৰয় বিক্ৰয়ত মধ্যস্থতাকাৰীৰ ভূমিকাও পালন কৰিছিল। সেয়েহে, ৰাকেশৰ পালৰ জৰিয়তে সম্পন্ন হোৱা নিযুক্তিসমূহৰ মূল সাক্ষী হিচাপে পৰিগণিত হৈছে ভাতৃ ৰাজীৱ।

আনহাতে, তদন্তকাৰী সংস্থাই ৰাকেশ পালক গ্ৰেপ্তাৰ কৰাৰ সময়তে পলায়ন কৰা ৰাজীৱ পালৰ ভঙাগড়ত থকা ছপাশালত আৰক্ষীয়ে অভিযান চলাই বহু ভুৱা উত্তৰবহীৰ লগতে ভুৱা ইভালুৱেশ্যন শ্বীট উদ্ধাৰ কৰিছিল। প্ৰায় দুবছৰে পলাতক হৈ থকা ৰাজীৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।

অসম লোকসেৱা আয়োগৰ এই বৃহৎ কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সমাপ্ত হোৱাৰ মুহূৰ্তত ৰাজীৱ পালে আত্মসমৰ্পণ কৰিবলৈ আগবাঢ়ি অহাৰ কথাটোৱে   তদন্তকাৰী আৰক্ষীক যথেষ্ট সকাহ প্ৰদান কৰিব।

ইপিনে, ২০১৭ চনৰ ৮ নৱেম্বৰৰ পৰা পলাতক হৈ থকা আন এজন এ পি এছ বিষয়া ৰাকেশ গুপ্তায়ো অধিবক্তাৰ জৰিয়তে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদন কৰাৰ কথা জানিব পৰা গৈছে।

Recent News

a russi image

প্রথমবাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনৰ

Tirap

লাইকা-দধিয়া বাসীক পাহাৰপুৰ আৰু নামফাইত পুনঃ সংস্থাপনৰ বিৰোধিতা টিৰাপবাসীৰ

a himu

“বদৰউদ্দিন আজমল কংগ্ৰেছ, এ জে পি, ৰাইজৰ দলৰ ত্ৰাণকৰ্তা”: হিমন্ত বিশ্ব শৰ্মা

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd