NORTHEAST NOW (Assamese)

ৰাজ্য চৰকাৰৰ জৰুৰী ঘোষণা; অসমবাসীক মিজোৰাম ভ্ৰমণ নকৰিবলৈ আহ্বান

July 30, 2021 6:19 am · এন ই নাও নিউজ

অসম-মিজোৰামৰ মাজত চলি থকা সীমা বিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা শেহতীয়া উত্তপ্ত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য এক জৰুৰী ঘোষণা জাৰি কৰিছে।

চৰকাৰে অসমবাসীক স্পৰ্শকাতৰ পৰিস্থিতিৰ বাবে অসমৰ পৰা মিজোৰামলৈ ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে ।

ৰাজ্য চৰকাৰৰ গৃহ বিভাগে পৰা জাৰি কৰা ঘোষণাত কোৱা হৈছে যে মিজোৰামৰ সমাজ আৰু ছাত্ৰ সংগঠনে অসমীয়া লোকৰ বিৰুদ্ধে বিদ্বেষমূলক প্ৰচাৰ আৰম্ভ কৰাৰ লগতে একাংশ সাধাৰণ মিজো লোকে স্বয়ংচালিত অস্ত্ৰ–শস্ত্ৰ লৈ ঘূৰি ফুৰা দেখা গৈছে। ৰাজ্য চৰকাৰে এনে পৰিস্থিতিত মিজোৰামলৈ যোৱাটো নিৰাপদ নহয় বুলি ধাৰণা কৰিছে।

 

সেয়ে মিজোৰাম ভ্ৰমণ বা আন কোনো ব্যক্তিগত কাৰণত অসমীয়া লোকক মিজোৰামলৈ নাযাবলৈ আহ্বান জনাইছে চৰকাৰে।

আনহাতে, কৰ্মৰ খাতিৰত মিজোৰামত থকা অসমীয়া লোকসকলকো চৰকাৰে সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে।

Related News