NORTHEAST NOW (Assamese)

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ অসম চৰকাৰৰ চিলাৰায় বঁটা

February 8, 2020 11:30 am · পাৰ্শ্বজ্যোতি গগৈ
ভোগেশ্বৰ বৰুৱা

অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক দৌৰবিদ ভোগেশ্বৰ বৰৱালৈ অসম চৰকাৰে চিলাৰায় বঁটা আগবঢ়াইছে ।

এই বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰিছে ক্ৰীড়াবিদ গৰাকীৰ লগতে সমগ্ৰ শিৱসাগৰবাসী।

বঁটা লাভ কৰাৰ খবৰ পোৱাৰ পিছতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাই অসম চৰকাৰক কৃতজ্ঞতা জনোৱাৰ লগতে এই বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাৰা বাবে তেওঁ অত্যন্ত সুখী বুলি জানিবলৈ দিয়ে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালক ধন্যবাদ জ্ঞাপন কৰি বিশিষ্ট ক্ৰীড়াবিদ গৰাকীয়ে অসমত ক্ৰীড়াৰ উত্তৰণৰ বাবে চৰকাৰৰ আৰু কেতবোৰ কৰণীয় আছে বুলি মন্তব্য কৰে।

উল্লেখ যোগ্য যে, গুৱাহাটীত অহা ৯ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া চিলাৰায় দিৱসত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰ্জুন ভোগেশ্বৰ বৰুৱাক চিলাৰায় বঁটা প্ৰদান কৰিব।

১৯৪০ চনৰ ৩ ছেপ্তেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত বেংককত অনুষ্ঠিত এচিয়ান গেমচৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰি ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল।

এই সফলতাৰ বাবে ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰিছিল ভোগেশ্বৰ বৰুৱাক।

বৰুৱাৰ জন্মদিনটো অসম চৰকাৰে প্ৰতিবছৰে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে।

Related News