দুৰ্গাপূজাৰ বাবে ২৯ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে পাব চলিত মাহৰ দৰমহা

ৰাজ্যিক বিষয়া-কৰ্মচাৰীসকলৰ চলিত মাহৰ দৰমহা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

প্রতিনিধিত্বমূলক ফটো।

Assam government employees to get salaries সমাগত দুৰ্গা পূজালৈ লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলৰ চলিত মাহৰ দৰমহা প্ৰদানৰ প্রক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড” হিমন্ত বিশ্ব শৰ্মাই।

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অহা ২ অক্টোবৰৰ পৰা চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত পূজা উদযাপনত সহায় হোৱাকৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলৰ দৰমহা অহা ২৯ ছেপ্টেম্বৰৰ পৰা মুকলি কৰাৰ প্রক্ৰিয়া আৰম্ভ কৰিবলৈ বিত্ত বিভাগক নিৰ্দেশ দিয়ে৷

লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰীক সাংবাদিকে কি প্ৰশ্ন সুধিব?

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যিক বিষয়া-কৰ্মচাৰীসকলৰ নিজ কৰ্মৰ প্রতি থকা নিষ্ঠা আৰু উৎসৰ্গিত মনোভাৱৰ শলাগ লোৱাৰ লগতে তেওঁলোকৰ প্ৰতি ৰাজ্য চৰকাৰৰ থকা দায়বদ্ধতাৰ প্ৰকাশ হিচাপেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।