মহানগৰীৰ আভিজাত্যক অংগুষ্ঠ প্ৰদৰ্শন কৰি গুৱাহাটী মহানগৰীৰ মাজেৰে বৈ গৈছে ভৰলু। ভৰলু বুলিলেই চকুৰ আগত ভাহে এখন ক’লা পানীৰ, জাৱৰ-জোথৰে পোঁত খাই থকা লেতেৰা নদী। এই নিৰৱে বৈ থকা ভৰলুখনৰ দৰেই অতদিনে নিৰ্বিকাৰ হৈ আছিল অসম চৰকাৰো।
পিছে ভৰলুৰ এই লেতেৰা ৰূপক লৈ যেন হঠাতে লাজে হেঁচা মাৰি ধৰিলে অসম চৰকাৰক। ভৰলুৰ এই লেতেৰা ঢাকিবলৈ তৎপৰ হৈ পৰিল চৰকাৰ। তাতে আজি মহানগৰীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ ৰাজস্থান ৰয়েলছ বনাম পঞ্জাব কিংছৰ মেচ!
এনে পৰিস্থিতিত আলহীৰ সমুখত লজ্জানত হোৱাৰ পৰা ৰক্ষা পৰিবলৈ তৎকালীন পদক্ষেপ গ্ৰহণ কৰিছে গৃহস্থ অসম চৰকাৰে। মুহূৰ্তৰ ভিতৰতে কদৰ্য ক’লা ভৰলুক ঢাকি দিয়া হ’ল। টিৰপালৰ কৃপাত ক’লা ভৰলু হৈ পৰিল নীলিম ভৰলু।
এইদৰে মহানগৰীৰ কদৰ্য ভৰলু নদীৰ উন্নয়ন আৰু পৰিষ্কাৰ কৰাৰ নামত অসম চৰকাৰে যেন এক অনন্য উদ্ভাৱনী শক্তিৰহে সূচনা কৰিলে! নিজৰ ব্যৰ্থতা ঢকাৰ এই অদ্ভুত আৰু চমৎকাৰী কৌশল গ্ৰহণেৰে চমক সৃষ্টি কৰি দেখুৱাইছে অসম চৰকাৰে।
ৰাজ্য চৰকাৰৰ এই ‘হস্ৰম্যাদী’ ‘দুৰদৃষ্টিসম্পন্ন’ পদক্ষেপৰ কৃপাত মুহূৰ্ততেই সলনি হৈ পৰিল ভৰলুৰ বাহ্যিক ৰূপ। অৱশ্যে টিৰপালৰ অভ্যন্তৰত পূৰ্বৰ দৰেই বৈ আছে কদৰ্য ক’লা ভৰলু।