দিপাৱলীত অসমত নিষিদ্ধ নহয় ফটকাৰ ব্যৱহাৰ ; ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ প্ৰত্যাখান অসম চৰকাৰৰ

ক’ৰ’না মহামাৰীৰ সময়ত প্ৰদূষণৰ স্তৰ হ্ৰাস কৰাৰ উদ্দেশ্যৰে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে দিপাৱলীত ফটকা নিষিদ্ধ কৰিবলৈ দিয়া নিৰ্দেশক অসম চৰকাৰে প্ৰত্যাখান কৰে।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ অধ্যক্ষ আদৰ্শ কুমাৰ গোৱেলৰ সভাপতিত্বত গঠিত এখন সমিতিয়ে ৪ নৱেম্বৰত অসম, মেঘালয়, নাগালেণ্ডকে ধৰি ১৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ দিপাৱলীত ফটকা নিষিদ্ধ কৰাৰ বাবে আহ্বান জনাই জাননী প্ৰেৰণ কৰিছিল।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ এই নিৰ্দেশৰ পাছতে দিল্লী, ছিকিমকে ধৰি অন্যান্য কেইখন ৰাজ্যই দিপাৱলীত ফটকাৰ ব্যৱহাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

ফটকা নিষিদ্ধ কৰাৰ ক্ষেত্ৰত মত ব্যক্ত কৰি অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে ফটকা ফুটালে কোনোধৰণৰ ক্ষতি নহয়। আমি দিপাৱলীৰ সময়ত ফটকা নিষিদ্ধ নকৰো।

‘‘জনসাধাৰণে পৰিবেশৰ ক্ষতি নোহোৱা ফটকা ব্যৱহাৰ কৰিব পাৰিব। পৰিবেশৰ ক্ষতিহোৱা অথবা প্ৰদূষণ সৃষ্টিকাৰী ফটকাৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰা নহ’ব,’’ পৰিমল শুক্লবৈদ্যই লগতে কয়।