অসম চৰকাৰৰ ‘খিলঞ্জীয়া’ স্বীকৃতি: সমাধান নে বিভাজনৰ পথ?

indigenous mushlim of assam

কোন খিলঞ্জীয়া কোন বহিৰাগত? খিলঞ্জীয়াৰ সংজ্ঞা কি? ধৰ্মৰ ভিত্তিত খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপন কৰিব পাৰিনে? অসমৰ কোনকেইটা জনগোষ্ঠী প্ৰকৃতাৰ্থত খিলঞ্জীয়া? এইসমূহৰ উত্তৰ প্ৰকৃততে আছেনে? কোনো জনগোষ্ঠীক খিলন্জীয়া ঘোষণা কৰাৰ অধিকাৰ অসম চৰকাৰক কোনে দিলে? চাও আহক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে পাঁচটা সংখ্যালঘু জনগোষ্ঠীক খিলঞ্জীয়া হিচাপে ঘোষণা কৰিছে। জনগোষ্ঠীকেইটা হৈছে-গৰিয়া, মৰিয়া, দেশী, ছৈয়দ আৰু জলহা জনগোষ্ঠী। ইয়াকে লৈ সৰ্বত্ৰে উত্তাল হৈ আছে। বহুতে ক’ব বিচাৰিছে ৰাজ্য চৰকাৰৰ এই পদক্ষেপ অত্যন্ত ত্ৰুটিপূৰ্ণ। খিলঞ্জীয়া শব্দটোৱেই বেমেজালিৰে ভৰা। ভাৰতীয় সংবিধানে খিলঞ্জীয়াৰ ধাৰণাটোতকৈ ভাৰতীয় নাগৰিকৰ ধাৰণাৰ ওপৰত জোৰ দিছে।

ৰাষ্ট্ৰসংঘৰ মতে, যিসমূহ জনগোষ্ঠীয়ে প্ৰাকঔপনিৱেশিক কালৰে পৰা একেটা অঞ্চলতে বসবাস কৰি আহিছে, তেওঁলোকেই খিলঞ্জীয়া। কিন্তু ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ এই সিদ্ধান্ত সম্পূৰ্ণভাৱে গ্ৰহণ কৰা নাই। আনহাতে, খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপনৰ ক্ষেত্ৰত অসমৰ ইতিহাসত এক সূদীৰ্ঘ চৰ্চা চলি আহিছে। অসম চুক্তিৰ ছয় নং দফা অনুযায়ী খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপনৰ বাবে ব্যৱস্থা লোৱা হৈ আহিছে।

সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে খিলন্জীয়াৰ সংজ্ঞা নিৰ্দ্ধাৰণৰ চেষ্টা কৰিছিল। বিশেষজ্ঞ সমিতিয়ে অসমৰ খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ কেইবাটাও প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ ভিতৰত অন্যতম হৈছে ৮০% বিধানসভা আৰু লোকসভা সমষ্টি সংৰক্ষণৰ পৰামৰ্শ।

তদুপৰি অৰ্থনৈতিক সংস্থাপনৰ ক্ষেত্ৰতো এওঁলোকে অগ্ৰাধিকাৰ পাব লাগে বুলি পৰামৰ্শ দিয়া আছে। সেই সমিতিৰ পৰামৰ্শাৱলীসমূহ এতিয়া চৰকাৰী ফাইলতে আবদ্ধ৷ অৰ্থাৎ অসমত কোন খিলঞ্জীয়া, খিলঞ্জীয়াৰ সংজ্ঞা কি সেই লৈ বৰ্তমানেও কোনো মীমাংসা হোৱা নাই। তেনেস্থলত এতিয়া বিজেপি চৰকাৰে হঠাৎ সেই পাঁচটা জনগোষ্ঠীক খিলন্জীয়া আখ্যা দি সমগ্ৰ বিষয়টোকে অধিক সমস্যাৰ গৰ্ভলৈ ঠেলি দিছে৷

চৰকাৰে খিলঞ্জীয়া স্বীকৃতি দিয়া কেওটা জনগোষ্ঠীয়েই বাংলাভাষী মুছলমান নহয়। ইয়াৰ দ্বাৰা চৰকাৰে বাংলাভাষী মুছলমান আৰু অসমীয়া মুছলমানসকলৰ মাজত বিভাজন কৰিব বিচাৰিছে নেকি? গৰিয়া আৰু মৰিয়াসকল আহোমৰ দিনৰে পৰা উজনি অসমত বাস কৰি আহিছে।

উজনি অসমৰে আন এটা জনগোষ্ঠী চৈয়দসকল হৈছে ইছলাম ধৰ্মীয় পীৰ তথা ধৰ্মগুৰুসকলৰ বংশধৰ। ইয়াৰ বিপৰীতে নামনি অসমৰ দেশী জনগোষ্ঠী মুছলমান হোৱাৰ পূৰ্বে কোঁচ ৰাজবংশী আৰু মেচ জনজাতীয় লোক আছিল। ১৩শ শতিকাত তেওঁলোক ইছলাম ধৰ্মলৈ ৰূপান্তৰিত হৈছিল।

সেইবাবেই দেশী আৰু কোচ ৰাজবংশীসকলৰ ভাষাৰ মাজত কোনো বিশেষ প্ৰাৰ্থক্য নাই। আনহাতে, জলহাসকল ব্ৰিটিছে বিহাৰৰ পৰা আনিছিল। চাহ জনগোষ্ঠীয় লোকসকলৰ স’তে এওঁলোকক তুলনা কৰিব পাৰি। ব্ৰিটিছে অসমত ৰেললাইন প্ৰসাৰণ কৰাৰ সময়ত শ্ৰমিক হিচাপে এই জলহাসকলক আনিছিল।

উল্লেখযোগ্য যে অসমত ১ কোটিৰো অধিক মুছলিম ধৰ্মাৱলম্বী লোক আছে। ইয়াৰ ভিতৰত ৪২ লাখ লোকহে অসমীয়াভাষী মুছলমান। এডৱাৰ্ড গেটৰ A History of Assamৰ মতে, অসমৰ মুছলমানসকলৰ আগমণৰ ইতিহাস আহোমৰ সমসাময়িক। ১২০৫ খ্ৰীষ্টাব্দত যেতিয়া বখতিয়াৰ খিলজীয়ে কামৰূপ আক্ৰমণ কৰিছিল, তেতিয়াৰে পৰা অসমলৈ মুছলমানসকলৰ আগমণ ঘটিবলৈ আৰম্ভ কৰিছিল।

এতিয়া প্ৰশ্ন হৈছে- যিকেইটা মুছলমান জনগোষ্ঠীক বিজেপি চৰকাৰে ‘খিলঞ্জীয়া’ বুলি স্বীকৃতি দি দিছে, তেওঁলোকক অসমীয়াই পূৰ্বতে খিলঞ্জীয়া বুলি গণ্য কৰা নাছিল নেকি? আজান পীৰ, চৈয়দ আব্দুল মালিক, মফিজুদ্দিন আহমেদ হাজৰিকাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অংশ হোৱা নাছিল নেকি? তেওঁলোক অসমীয়া নাছিল নেকি? তেন্তে ইয়াক নতুনকৈ ঘোষণা কৰাৰ অৰ্থ ক’ত?

কোনটো জনগোষ্ঠী খিলঞ্জীয়া, কোনটো জনগোষ্ঠী খিলঞ্জীয়া নহয়, তাক বিচাৰ কৰাৰ অধিকাৰ চৰকাৰক কোনে দিলে? চৰকাৰৰ এই পদক্ষেপৰ পৰা উমান পোৱা যায় যে কেৱল ভোটৰ অংকতে এই কাম কৰা হৈছে। এয়া “Devide and Rule” নীতিৰ বাহিৰে আন একো নহয়।