NORTHEAST NOW (Assamese)

য়ুপিপিএল-বিজেপি-জিএছপিক বিটিচিৰ পৰিষদ গঠন কৰিবলৈ আমন্ত্ৰণ ৰাজ্যপালৰ

December 14, 2020 9:47 am · এন ই নাও নিউজ

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিটিচিৰ পৰিষদ গঠনৰ বাবে য়ুপিপিএল-বিজেপি-গণ সুৰক্ষা পাৰ্টিক আমন্ত্ৰণ জনাইছে।

উল্লেখ্য যে শনিবাৰে ফলাফল ঘোষণা কৰা ৪০ খন আসনযুক্ত বিটিচি নিৰ্বাচনৰ মেজিক সংখ্যা হৈছে ২১ আৰু কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠ লাভ কৰিবলৈ সক্ষম নহ’ল।

বিটিচি নিৰ্বাচনত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট(বিপিএফ) ১৭, ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল(য়ুপিপিএল) ১২, ভাৰতীয় জনতা পাৰ্টি (বিজেপি) ৯, গণ সুৰক্ষা পাৰ্টি ১ আৰু কংগ্ৰেছে ১ আসন লাভ কৰে।

ইফালে য়ুপিপিএল-বিজেপি-জিএছপি সন্মিলিত শক্তিয়ে য়ুপিপিএল সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিৰ পৰিষদ গঠন কৰিবলৈ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ইয়াৰ পিছতে শনিবাৰৰ নিশাৰ পৰাই ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল, ভাৰতীয় জনতা পাৰ্টি আৰু গণ সুৰক্ষা পাৰ্টিয়ে নতুন বিটিচিৰ পৰিষদ সন্মিলিতভাৱে নতুন বিটিটি গঠন কৰিবলৈ ঐক্যৱদ্ধ হৈ ৰাজ্যপাললৈ প্ৰত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনায়।

ইতিমধ্যে ৰাজ্যপাল জগদীশ মুখীয়ে উক্ত প্ৰত্ৰৰ ভিত্তিত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিৰ পৰিষদ গঠন কৰিবলৈ তিনিটা দলকে আমন্ত্ৰণ জনাইছে।

য়ুপিপিএলৰ সভাপতি তথা নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰায় ১১ বছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰমোদ বড়োৱে অহা ১৫ ডিচেম্বৰত কোকৰাঝাৰত শপত গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Related News