চাকৰি নিয়মীয়া নহয়, বেতনহে নিয়মীয়া হ’ব মাষ্টাৰৰোল কৰ্মচাৰীৰ : বঞ্চিত হৈয়ে ৰ’ল ভেন্সাৰ শিক্ষক

সংৰক্ষণ ব্যৱস্থা এৰাই চলিবলৈকে একেই সুবিধা দিও নিয়মীয়াকৰণৰ পৰা আঁতৰত থাকিল চৰকাৰ?

himanta-biswa-sharma-613x430

বিদ্যালয় প্ৰদেশিকীকৰণৰ বাৰম্বাৰ আশ্বাসৰ পাছতো অসম চৰকাৰে আজিও বঞ্চিত কৰি ৰাখিছে ৰাজ্যৰ অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ প্ৰায় ৬০ হাজাৰ শিক্ষক-কৰ্মচাৰীক। কিন্তু তাৰ বিপৰীতে আজি চাকৰি নিয়মীয়া নকৰাকৈ মাষ্টাৰৰোল কৰ্মচাৰীৰ নিয়মীয়া দৰমহা ঘোষণা কৰিলে চৰকাৰে।

আজি অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত ৰাজ্য চৰকাৰৰ অধীনৰ ৫২টা বিভাগৰ ১২,৮৬০গৰাকী মাষ্টাৰৰোল কৰ্মচাৰীক নিয়মীয়াকৈ দৰমহা প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰে। কিন্তু একে সময়তে বিদ্যালয় প্ৰাদেশিকীকৰণৰ বাবে বছৰ বছৰ ধৰি আন্দোলন কৰি থকা আৰু চৰকাৰৰ সুদৃষ্টি আশা কৰি থকা অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকললৈ চৰকাৰৰ তৰফৰ পৰা নাহিল কোনো সুখবৰ।

আজি মন্ত্ৰী পৰিষদৰ বৈঠকৰ পাছত এখন সংবাদমেল যোগে বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা জানিবলৈ দিয়ে।

মন্ত্ৰী ড০ শৰ্মাই জনোৱা মতে এই সিদ্ধান্ত অনুসৰি অহা ১ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পূৰ্বতে ফিক্সড পে’ হিচাপে দৰমহা লাভ কৰি অহা মাষ্টাৰৰোল কৰ্মচাৰীসকলে মাহিলি পে’ স্কেল হিচাপত দৰমহা লাভ কৰিব।

সেই অনুসৰি এই কৰ্মচাৰীসকলে মাহিলি ১২,০০০ টকাৰ পে’ স্কেল, ৩,৯০০ টকা গ্ৰেইড পে’, ৬০০ টকাৰ চিকিৎসা বানচৰ লগতে ঘৰ ভাড়া আৰু মৰগীয়া বানচ ধৰি মুঠ ১৮,০০০ টকাকৈ লাভ কৰিব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ বাবে প্ৰাৰম্ভিক অৱস্থাত অসম চৰকাৰৰ ১৭৬,৭৯,৩৬,৩৭৭ টকা অতিৰিক্ত খৰচ হ’ব বুলিও তেওঁ উল্লেখ কৰে।

কিন্তু সংবাদমেলত শৰ্মাই জানিবলৈ দিয়ে যে এইসকল মাষ্টাৰৰোল কৰ্মচাৰীৰ পদ চৰকাৰে নিয়মীয়া কৰা নাই। তৎসত্ত্বেও এই কৰ্মচাৰীসকলে অৱসৰৰ সময়লৈকে চাকৰি কৰি থকিব পাৰিব বুলি জনায় মন্ত্ৰী শৰ্মাই।

“আমি regularize শব্দটো ব্যৱহাৰ কৰা নাই। কিন্তু মাষ্টাৰৰোল কৰ্মচাৰীসকলে অৱসৰৰ সময়লৈকে চাকৰি কৰি থাকিব পাৰিব।” এইদৰে কয় মন্ত্ৰী হিমন্তই।

ইয়াৰ উপৰি তেওঁ এই কৰ্মচাৰীসকলৰ দৰমহাৰ বাৰ্ষিক বৃদ্ধি আন নিয়মীয়া কৰ্মচাৰীৰ দৰেই হ’ব বুলি জানিবলৈ দিয়ে।

মন কৰিব লগীয়া কথাটো হ’ল ‘সংৰক্ষণ ব্যৱস্থাটো এৰাই চলিবলৈ এই নিয়মীয়াকৰণ নকৰি এই কৌশল লোৱা বুলি মন্ত্ৰীৰ হিমন্তৰ ভাষ্যত প্ৰকাশ পায়।

“তেওঁলোকৰ চাকৰি নাইকীয়া কৰি দিয়া নহয়, আমি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ পৰিবৰ্তে মাষ্টাৰৰোল কৰ্মচাৰী হিচাপে ৰাখি নিয়মীয়া দৰমহাৰহে ব্যৱস্থা কৰিছো।” কৰ্মচাৰীসকলৰ চাকৰিৰ নিশ্চয়তা সন্দৰ্ভত মন্ত্ৰীজনে কয়।

লগতে চৰকাৰে এই কৰ্মচাৰীসকলৰ দুৰ্ঘটনাৰ বীমাৰ কথা চিন্তা কৰি থকা বুলিও মন্ত্ৰী শৰ্মাই অৱগত কৰে।

উল্লেখ্য যে, যোৱা ১২ চেপ্তেম্বৰত ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকলৰ সৈতে এটা আলোচনা অনুষ্ঠিত কৰি প্ৰাথমিক পৰ্য্যায়ৰ পৰা ডিগ্ৰী পৰ্য্যায়লৈকে তথা মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহক প্ৰাদেশিকীকৰণৰ জৰিয়তে ভেন্সাৰ শব্দটোক চিৰবিদায় দিব বুলি আশ্বাস প্ৰদান কৰিছিল। লগতে শিক্ষকসকলে ‘আৰু আন্দোলন কৰিব নালাগে’ বুলিও আশ্বাস দিছিল।

কিন্তু পৰবৰ্তী সময়ত বিধান সভাৰ শৰৎকালীন অধিবেশনতো বাদেই তাৰ পাছতো আৰু আজিৰ মন্ত্ৰী পৰিষদৰ বৈঠকতো বিষয়টোত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে।