আৰু ‘ডি ভোটাৰ’ৰ জাননী প্ৰেৰণ নকৰাৰ সিদ্ধান্ত; নাগৰিকত্ব প্ৰমাণ হোৱাসকলৰ নামৰ পৰা ‘ডি’ আঁতৰোৱাৰ নিৰ্দেশ

নাগৰিকত্ব প্ৰমাণ হোৱাসকলৰ নাম ভোটাৰ তালিকাত শুধৰোৱাৰ নিৰ্দেশ

d-voter-750x375

ৰাজ্যখনত বহুতৰে বাবে এক প্ৰকাৰৰ আতংকৰ কাৰণ হৈ পৰা ডি ভোটাৰ বা সন্দেহজনক ভোটাৰৰ বিষয়টোৱে নতুন মোৰ লাভ কৰিছে। আজি বিধানসভাৰ অধ্যক্ষৰ কক্ষত অনুষ্ঠিত এখন বহুদলীয় বৈঠকত ডি ভোটাৰ বিষয়টোত চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাটো প্ৰকাশ পায়।

এই সিদ্ধা্ন্ত অনুসৰি এন আৰ চি প্ৰক্ৰিয়া চলি থকা সময়খিনিত আৰু কোনো লোকলৈ ডি ভোটাৰৰ জাননী প্ৰেৰণ কৰা নহয়। এই সন্দৰ্ভত সীমান্ত আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম চৰকাৰে।

ইয়াৰোপৰি ডি ভোটাৰ বুলি চিহ্নিত যিসকল লোকক বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে ভাৰতীয় নাগৰিক বুলি ঘোষণা কৰিছে, ভোটাৰ তালিকাত তেওঁলোকৰ নামৰ আগৰ পৰা ‘ডি’ আখৰটো আঁতৰ কৰিবলৈ ব্যৱস্থা কৰিব চৰকাৰে। তাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগক ইতিপূৰ্বে অৱগত কৰিছে অসম চৰকাৰে। আনহাতে ৰাজ্যিক নিৰ্বাচন আয়োগে বিষয়টো সন্দৰ্ভত যোগাযোগ কৰিব কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ সৈতে।

“আমাৰ বিধায়ক শ্বেৰমান আলীয়ে বিধানসভাৰ অধিৱেশনৰ সময়ত ডি ভোটাৰৰ বিষয়টো উত্থাপন কৰাৰ পিছত আজিৰ বহু দলীয় বৈঠকখন হয়। চৰকাৰে এন আৰ চি প্ৰক্ৰিয়াটো চলি থকা পৰ্য্যন্ত কোনো লোকলৈ ডি ভোটাৰৰ জাননী প্ৰেৰণ নকৰাৰ কথাটোত একমত হয়।” এইদৰে কয় বহু দলীয় বৈঠকখনত উপস্থিত থকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

আনহাতে তেওঁ কয় যে ৰাজ্যত প্ৰায় ৪.৫ লাখ ডি ভোটাৰৰ বেছি সংখ্যকেই ইতিমধ্যে ভাৰতীয় নাগৰিক হিচাপে প্ৰমাণ হৈছে। এইসকলৰ নাম ভোটাৰ তালিকাত সংশোধন কৰিবলৈ আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছে। এই নাম শুধৰোৱা প্ৰক্ৰিয়াটো সকলো সময়তে অব্যাহত ৰাখিব লাগে বুলিও আজিৰ বৈঠকত সিদ্ধান্ত কৰা হয়।

আনহাতে সন্দেহজনক নাগৰিক থকা ডিটেনশ্যন কেম্পত মানৱীয় দৃষ্টিভংগিৰে থকা-খোৱাৰ সুব্যৱস্থা কৰাক লৈও আলোচনা হয় আজিৰ বৈঠকত।

বৈঠকখনত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকে ধৰি প্ৰতিটো দলৰ দলপতিসকল।