৭ ফেব্ৰুৱাৰিত বিটিএডিত স্থানীয় বন্ধ ঘোষণা অসম চৰকাৰৰ

Bodo-Accord-2020-1140x570

বড়ো চুক্তি

কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া বড়ো চুক্তি উদযাপন অনুষ্ঠানত জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে অসম চৰকাৰে বিটিএডি অঞ্চলত ৭ ফেব্ৰুৱাৰিত স্থানীয় বন্ধ ঘোষণা কৰিছে।

কোকৰাঝাৰ, বাগছা, ওডালগুৰি আৰু চিৰাং জিলাকে সামৰি বিটিএডিত মুঠ চাৰিখন জিলা অন্তৰ্ভুক্ত আছে। বন্ধৰ সময়ত এই চাৰিওখন জিলাত সকলো ধৰণৰ চৰকাৰী কাম-কাজ বন্ধ থাকিব।

৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’বলগীয়া তৃতীয় বড়ো চুক্তি উদযাপন অনুষ্ঠানত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব।

অসম চৰকাৰে মঙলবাৰে প্ৰকাশ কৰা এক জাননী অনুসৰি ৭ ফেব্ৰুৱাৰিত কোকৰাঝাৰ, বাগছা, ওডালগুৰি আৰু চিৰাং জিলাৰ অন্তৰ্গত সকলো চৰকাৰী কাৰ্য্যালয় বন্ধ থাকিব।

উল্লেখযোগ্য যে, শেহতীয়া বড়ো চুক্ত অনুসৰি বিটিএডিক বৰ্তমানৰ পৰা বিটিআৰ হিচাপে জনা যাব।

কেন্দ্ৰীয় চৰকাৰ, আবছু আৰু এন ডি এফ বিৰ বিভিন্ন গোটৰ মাজত তৃতীয় বড়ো চুক্তি সম্পাদন কৰা হৈছিল।

তৃতীয় বড়ো চুক্তিৰ পাছতে বিটিএডি অঞ্চলত থকা অবড়ো লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অবড়ো সংগঠনসমূহে ৭ ফেব্ৰুৱাৰিত বিটিএডিত বন্ধ ঘোষণা কৰিছে।