৪ৰ্থ বৰ্গৰ খালীপদ বিলুপ্ত নকৰে চৰকাৰে; প্ৰচাৰিত বাতৰি ভিত্তিহীন, জনালে অসম চৰকাৰৰ বিত্ত বিভাগে

Assam Govt Logo

অসম চৰকাৰে বিভিন্ন বিভাগত খালী হোৱা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদসমূহ পূৰণ নকৰি ৰাজ্য চৰকাৰে এই কামবোৰ আউটছ’ৰ্চিং কৰিব বুলি ৰাজ্যৰ কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অস্বীকাৰ কৰিছে চৰকাৰে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত এই বাতৰিটো ভিত্তিহীন বুলি জানিবলৈ দিয়ে অসম চৰকাৰৰ বিত্ত বিভাগে।

উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ খালী পদসমূহ পূৰণ নকৰি পদ নিশ্চিহ্ন কৰিবলৈ ওলোৱা বুলি কেইবাটাও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল।

ইয়াৰ উপৰি চৰকাৰে এই পদসমূহ আউটছ’ৰ্চিঙৰ যোগে পূৰণ কৰিব বুলিও বাতৰিত প্ৰকাশ পাইছিল।

এই বাতৰিৰ পাছত আজি এই সন্দৰ্ভত স্পষ্টীকৰণ দি অসম চৰকাৰৰ বিত্ত বিভাগৰ প্ৰধান সচিবে কয়, “২০১৬ চনৰ মে’ মাহৰ পৰা ২০১৮ চনৰ মাৰ্চ মাহলৈকে সৰ্বমুঠ ৩৭১১টা চতুৰ্থ বৰ্গৰ খালী পদ পূৰণ কৰা হৈছে।”

ইয়াৰ উপৰি চলিত বিত্তীয় বৰ্ষত এতিয়ালৈ ৩১৮টা চতুৰ্থ বৰ্গৰ পদ পূৰণৰ বাবে বিত্ত বিভাগে অনুমোদন জনোৱা বুলিও স্পষ্টীকৰণটোত কোৱা হয়।

বিত্ত বিভাগে এই স্পষ্টীকৰণযোগে ৰাইজক এনে ধৰণৰ ভিত্তিহীন বাতৰিৰ দ্বাৰা প্ৰভাৱান্বিত নহ’বলৈও আহ্বান জনায়।