ৰাজহুৱা স্থানত চি চি টিভি কেমেৰা বাধ্যতামূলক! বিধানসভাত উত্থাপন হ’ল বিধেয়ক

প্রতিনিধিত্বমূলক ফটো।

আজি বিধানসভাৰ প্ৰথম দিনটোত The Assam Public safety (Measures) Enforcement Bill 2023 উত্থাপন কৰা হয়। বিধেয়কখন উত্থাপন কৰে মন্ত্ৰী অশোক সিংঘলে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অপৰাধ ৰোধৰ  বিভিন্ন ব্যৱস্থা গ্ৰহণৰ কথা বিধেয়কখনত উল্লেখ কৰা হৈছে।

বিধেয়কখন উল্লেখ কৰা অনুসৰি বাণিজ্যিক স্থান, উদ্যোগিক ক্ষেত্ৰ, ধৰ্মীয় স্থান, শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী গৃহ, ক্ৰীড়া প্ৰকল্প, ৰে’লৱে ষ্টেচন, বাছ ষ্টপেজ, আবাসিক বিল্ডিং আদিত চি চি টিভি কেমেৰা স্থাপন কৰাটো বাধ্যতামূলক হ’ব।

তদুপৰি, সেই চি চি টিভি কেমেৰাৰ ফিড চৰকাৰক প্ৰদান কৰিব লাগিব। আনহাতে, ৩০ দিনলৈকে ইয়াৰ দৃশ্য ডিলিট কৰিব নোৱাৰিব।

লগতে পঢ়ক: অসুস্থ বতাহ! মেট্ৰ’ চিটিত প্ৰথম মৃত্যু; দেশজুৰি H3N2 ভাইৰাছৰ সংক্ৰমণ

বিধেয়কখন অনুসৰি, আইন আৰম্ভ হোৱাৰ তাৰিখৰ পৰা বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ নৱীকৰণৰ পৰৱৰ্তী তাৰিখৰ আগতে এবছৰৰ ভিতৰত এই পদক্ষেপবোৰ কাৰ্যকৰী কৰিব লাগিব।

ব্যৱস্থাবোৰ পালন কৰাত বিফল হ’লে সংশ্লিষ্ট বিষয়াৰ দ্বাৰা জাৰি হোৱা কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ ১৫ দিনৰ ভিতৰত দিব লাগিব। যথাসময়ত উত্তৰ নিদিলে এ চি পি, ডি এছ পি অথবা এছ ডি পি অ’ই এমাহত ৫ হাজাৰ আৰু দ্বিতীয় মাহত ১০ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহিব পাৰিব।

সেইদৰে, দুমাহতকৈ অধিক সময়ৰ ভিতৰতো যদি উত্তৰ নিদিয়ে তেন্তে সেই প্ৰতিষ্ঠান কৰ্তৃপক্ষই অস্থায়ীভাৱে বন্ধ কৰিব।

কোৱা হৈছে যে চৰকাৰৰ ওচৰত ইয়াৰ নিজা উৎসৰ পৰা উপলব্ধ তথ্যৰ ব্যৱহাৰে সমগ্ৰ ৰাজ্যতে এক সুৰক্ষিত ৰাজহুৱা পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব।

লগতে পঢ়ক:বিয়েৰ খালে সঁচাকৈয়ে কিডনিত পাথৰ সৃষ্টি হ’ব নোৱাৰে? কি কয় গৱেষণাই?

উল্লেখ্য যে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথমটো দিনটোতে সদন উত্তাল হৈ পৰে। ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই ভাষণ দি থকাৰ মাজতে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুয়ে অসমৰ মানুহে কুকুৰৰ মাংস খোৱা বুলি কৰা মন্তব্যকলৈ সদন উত্তাল হৈ পৰে। হুলস্থুলীয়া পৰিৱেশৰ বাবে ৰাজ্যপালে ১৭ মিনিট ভাষণ দিয়েই ভাষণ সামৰে।