NORTHEAST NOW (Assamese)

ভোটৰ লালসাত কৰ-মাচুল হ্ৰাস সৰ্বাৰ চৰকাৰৰ! : ইন্ধনৰ পিছত এইবাৰ বিদ্যুৎ মাচুল হ্ৰাস

February 15, 2021 8:23 pm · প্ৰাঞ্জল দেউৰী
Updated: February 16, 2021 1:39 pm

সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচন। দ্বিতীয়টো কাৰ্যকালৰ বাবে শাসনৰ বাঘজৰী কুক্ষিগত কৰিবলৈ কঁকালত টঙালি বন্ধা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে বিগত পাঁচটা বছৰে ৰাজ্যত পাচলিকে ধৰি কৃষিজাত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱাৰ পিছত এইবাৰ গ্ৰহণ কৰিছে অন্য এক নতুন কৌশল!

ইতিমধ্যে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰে বিধে বিধে আঁচনি তৈয়াৰ কৰি লক্ষ লক্ষ হিতাধিকাৰী সৃষ্টিৰে এক বৃহৎ সংখ্যক ভোটাৰক নিজৰ পকেট ভোটাৰলৈ ৰূপান্তৰ কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে।

আনকি সৰ্বানন্দ সোণোৱাল চৰকাৰে এই প্ৰচেষ্টাত সাধাৰণ কৃষক-দৰিদ্ৰজনৰ পৰা লেখক-সাহিত্যিক-সাংবাদিকলৈকে বাদ দিয়া নাই।

ইমানৰ পিছতো নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ সংশয় দূৰ হোৱা নাই ৰাজ্যৰ বিজেপি চৰকাৰৰ। সেয়ে এইবাৰ চৰকাৰে জনসাধাৰণক আভুৱা ভৰাৰ এক নতুন কৌশল গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে।

এই কৌশলৰ প্ৰথমটো পদক্ষেপ হিচাপে ৰাজ্যৰ বিজেপি চৰকাৰে সুৰা আৰু ইন্ধনজাত সামগ্ৰীৰ কোভিড১৯ কৰ উঠাই লোৱাৰ কথা ঘোষণা কৰে।

যোৱা শুকুৰবাৰে বাজেট অধিবেশনত ৰাজ্যৰ বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সুৰাত ২৫ শতাংশ আৰু ডিজেল-পেট্ৰ’লত ৫ শতাংশ কোভিড১৯ কৰ উঠাই লোৱাৰ কথা ঘোষণা কৰিছিল।

এই ঘোষণাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, ৰাজ্যত কোভিড চিকিৎসাৰ চৰকাৰী ব্যয় সংকোচিত হৈ অহাৰ পিছতো চৰকাৰক কোভিড কৰ উঠাই ল’বলৈ কিয় দুই তিনিমাহ সময় প্ৰয়োজন হ’ল?

চৰকাৰে কিমান কোভিড কৰ সংগ্ৰহ কৰিলে আৰু ইয়াৰে সংগৃহীত কৰৰ কিমান ধন কোভিড চিকিৎসাৰ নামত ব্যয় কৰিলে তাৰ সঠিক তথ্য ৰাজহুৱা কিয় নকৰিলে? অথবা সুৰা আৰু ইন্ধনজাত সামগ্ৰীৰ পৰা সংগৃহীত কোভিড কৰৰ পৰিমাণ কিমান তাৰ সঠিক তথ্য কিয় ৰাজহুৱা নকৰিলে?

স্মৰ্তব্য যে ইতিমধ্যে সকলোবোৰ অস্থায়ী কোভিড চেন্টাৰ বন্ধ কৰি দিছে ৰাজ্য চৰকাৰে। ইয়াৰ পিছতো চৰকাৰে দুই তিনিমাহ ধৰি কোভিড ব্যয়ৰ নামত জনসাধাৰণৰ পৰা কোভিড কৰ সংগ্ৰহ কৰাতো বন্ধ কৰা নাছিল।

কিন্তু ৰাজ্যত ক্ৰমবৰ্ধমান হাৰত নিৰ্বাচনী প্ৰচাৰ বৃদ্ধি হোৱা আৰু নিৰ্বাচনী আয়োগৰ সদস্যই অসম পৰিভ্ৰণ কৰি যোৱাৰ পিছতহে ৰাজ্য চৰকাৰে হঠাতে সুৰা আৰু ইন্ধনজাত সামগ্ৰীৰ কোভিড কৰ উঠাই লোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ পিছতো শংকা দূৰ হোৱা নাই ৰাজ্য চৰকাৰৰ।

ইযাৰ পিছতে এইবাৰ ৰাজ্য চৰকাৰে বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। অসম বিদ্যুৎ ৰেগুলেটৰী কমিশ্যনৰ অধ্যক্ষ সঞ্জয় কৃষ্ণৰ নিজা টুইটাৰ একাউন্টত কোৱা হৈছে যে অহা ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত ২ শতাংশ বিদ্যুৎ মাচুল হ্ৰাস কৰা হৈছে।

টুইটাৰত সংলগ্ন বিজ্ঞপ্তিত ১ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰতি কিলোৱাটত নিশাৰ নিম্নতম চাহিদা বিদ্যুতত ২ টকা ৰেহাই দিয়াৰ লগতে শীৰ্ষতম চাহিদা সময়তো ১.৫০ টকাৰ পৰা ২ টকালৈ মাচুল হ্ৰাস কৰা হ’ব বুলি কোৱা হৈছে।

Related News