এন আৰ চিত অন্তৰ্ভুক্তিৰ বাবে দাবী দাখিল নকৰা লোকসকলৰ সন্ধানত অসম চৰকাৰ

Logo_of_NRC_Assam-1140x570

প্ৰতিনিধিত্বমূলক ফটো

চৰকাৰৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা নাম বাদ পৰাৰ পাছতো দাবী তথা আপত্তি দাখিল নকৰা ৩,৮০,০০০ লোকৰ সৱিশেষ বিচাৰি উলিওৱাৰ কামত লাগিছে অসম চৰকাৰ। হিন্দুস্তান টাইমছৰ বাতৰিত এইকথা প্ৰকাশ পাইছে।

যোৱা বছৰৰ ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাইছিল য’ত ৪০ লাখতকৈয়ো অধিক লোকৰ নাম বাদ পৰিছিল। ইয়াৰে ৩৬.২ লাখ লোকে তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে পুনৰ আবেদন পত্ৰ দাখিল কৰিছে।

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে এতিয়াও তেওঁলোকৰ দাবী দাখিল নকৰাসকলৰ তথ্য বিচাৰিছে যাতে তেওঁলোকে বিদেশী ন্যায়াধীকৰণত প্ৰসংগটো দাখিল কৰাৰ বাবে প্ৰস্তুত হ’ব পাৰে।

অগ্নিহোত্ৰীয়ে উল্লেখ কৰে যে উক্ত ৩,৮০,০০০ লোকৰ সৱিশেষ বিচাৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে।

তেওঁ লগতে প্ৰকাশ কৰে যে অহা ৩১ জুলাইত যেতিয়া এন আৰ চিৰ চূড়ান্ত খচৰাখন প্ৰকাশ পাব (উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া সীমা অনুসৰি), তেতিয়া তালিকাৰ পৰা নাম বাদ পৰা সকলে তেওঁলোকৰ নাম বিদেশী ন্যায়াধীকৰণৰ পৰা বাদ দিয়াৰ বাবে অভিযোগ দাখিল কৰাৰ এটা সুযোগ লাভ কৰিব।

‘’ যদি কোনোবাই বিদেশী ন্যায়াধীকৰণত এতিয়াও নিজৰ ফালৰ পৰা আবেদন জনোৱা নাই তেতিয়াহ’লে তেওঁলোকৰ হৈ ৰাজ্য চৰকাৰে সেয়া কৰিব,’’-অগ্নিহোত্ৰীয়ে কয়।

ৰাজ্য চৰকাৰে লগতে সদৰী কৰে যে ৩,৮০,০০০ লোকৰ সৱিশেষ তথ্যই তেওঁলোক ক’ত আছে তাক লক্ষ্য কৰাত আৰু তেওঁলোক সন্ধানহীন হোৱাত বাধা দিয়াত সহায় কৰিব।

‘’এইটোৱে অৱশ্যেই সহায় কৰিব … অন্যথা বিদেশী ঘোষিত আন বহুতৰ দৰে তেওঁলোকো অন্তৰ্ধান হৈ যাব পাৰে,’’-তেওঁ আঙুলিয়াই দিয়ে।