NORTHEAST NOW (Assamese)

ৰাজ্যৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা প্ৰতিমা পাণ্ডে বৰুৱাৰ অধ্যায় আঁতৰোৱাক লৈ ৰাজ্য চৰকাৰক সমালোচনা

February 6, 2020 3:47 pm · এন ই নাও নিউজ
ৰাজ্যিক পাঠ্যপুথি

অসমৰ প্ৰখ্যাত লোকসংগীত শিল্পী প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনী ৰাজ্যিক পাঠ্যপুথিৰ পৰা আতৰাই দিয়াক লৈ আন এক বিতৰ্কৰ সৃষ্টি হৈছে ৰাজ্যত।

সপ্তম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ সংলগ্ন অধ্যায় আঁতৰাই দিয়াক লৈ এই বিতৰ্কৰ সৃষ্টি হৈছে।

গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী তথা নামনি অসমৰ সাংস্কৃতিক সাধক গৰাকীৰ জীৱনী পাঠ্যপুথিৰ পৰা আতৰাই দিয়া সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে ধুবুৰী জিলা ছাত্ৰ সন্থাই।

‘‘এফালে এইখন চৰকাৰে ৰাজ্যৰ সাংস্কৃতিক কৰ্মীসকলক পেঞ্চন দিয়াৰ কথা ঘোষণা কৰে আৰু আনফালে প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনী বিদ্যালয়ৰ পাঠ্যপুথিৰ পৰা আঁতৰাই দিয়ে,’’ ধুবুৰী আছুৰ তৰফৰ পৰা কোৱা হয়।

‘‘আমি আমাৰ অসন্তুষ্টি কেন্দ্ৰীয় কমিটিৰ ওচৰত জনাইছো আৰু বিষয়টো কেন্দ্ৰীয় কমিটিক ৰাজ্য চৰকাৰৰ ওচৰত উত্থাপন কৰাৰ বাবে অনুৰোধ কৰিছো,’’ ধুবুৰী জিলা আছুৰ সাধাৰণ সম্পাদক সৌৰভ ভট্টাচাৰ্য্যই কয়।

প্ৰবীৰ বৰুৱা নামৰ এগৰাকী প্ৰতিমা পাণ্ডে বৰুৱাৰ পৰিয়ালৰ সদস্যয়ো বিষটোত অসন্তুষ্টি ব্যক্ত কৰে।

প্ৰবীৰ বৰুৱাই প্ৰতিমা পাণ্ডে বৰুৱা মাত্ৰ এটা নাম নহয়, ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ এটা উল্লেখযোগ্য পৰিচয়ৰ লগতে নামনি অসমৰ লোকসংগীতৰ উজ্বল ভোটা তৰা আছিল বুলি কয়।

গোৱালপৰীয়া সংস্কৃতি আৰু লোকসংগীতৰ পৰিচয় অসমৰ শিশু আৰু নৱ প্ৰজন্মৰ মাজৰ পৰা নোহোৱা কৰাৰ বাবে এয়া এক ধৰণৰ শৰযন্ত্ৰ বুলিও প্ৰবীৰ বৰুৱাই ৰাজ্যিক বোৰ্ডৰ বিষয়ববীয়াসকলক সমালোচনা কৰে।

Related News