মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰে শীঘ্ৰে গঠন কৰিব স্বায়ত্ত শাসিত পৰিষদ: মুখ্য মন্ত্ৰী সোণোৱাল

সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত ঘোষণা মুখ্য মন্ত্ৰীৰ

Assam Govt to create Moran Autonomous Council soon: CM Sonowal

“বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ দ্বায়িত্ব লোৱাৰে পৰা অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত আপোচ কৰা নাই আৰু নকৰে। যেতিয়ালৈকে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা জাতি জনগোষ্ঠীৰ ভূমিপুত্ৰসকলে অসমৰ মাটিৰ ওপৰত দখলীস্বত্ব নহ’ব তেতিয়ালৈকে এই চৰকাৰে কাম কৰি যাব। সেয়েহে কিছুদিন পুৰ্বে অসমৰ ১লাখ ভুমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰিছে আৰু ১লাখ লোকক শীঘ্ৰে মাটিৰ পট্টা দিয়াৰ সংকল্প লৈছো।তাৰোপৰি সকলো জাতি জনগোষ্ঠীক আইন মতে সংৰক্ষণ কৰি সম মৰ্য্যদা প্ৰদান কৰাই এই চৰকাৰৰ অন্যতম লক্ষ্য।”-  আজি ডিগবৈৰ বদৌচা সমন্বয় ক্ষেত্ৰত আয়োজিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ ভাষণ প্ৰসঙ্গত এনেদৰে কয়।

লগতে তেওঁ কয় যে, “মই মুখ্যমন্ত্ৰী হৈ ক্ষমতাত অধিষ্ঠিত হৈ থকাটোৱে কেৱল একমাত্ৰ উদ্দেশ্য নহয়। ৰাজ্যখনৰ সকলো জতি জনজাতিৰে সমৃদ্ধ বৃহত্তৰ অসমীয়া সমাজৰ ৩ কোটি ৫০ লাখ লোকৰ স্বাৰ্থত দিনে নিশাই কাম কৰি যোৱাটোহে মোৰ মূল উদ্দেশ্য। অসমৰ মানচিত্ৰক ভাৰতবৰ্ষৰ বুকুত জিলিকাই তোলা। অসমীয়া কৃষ্টি সংস্কৃতি, ভাষা-সাহিত্যক মৰ্য্যদা সহকাৰে বিশ্বৰ দৰবাৰত উপস্থাপন কৰা।”

আনহাতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে মৰাণ জনগোষ্ঠীৰ উন্নয়নৰ বাবে অসম চৰকাৰে শীঘ্ৰে গঠন কৰিব মৰাণ স্বায়ত্ত শাসিত পৰিষদ।

ডিগবৈৰ বদৌচা সমন্বয় ক্ষেত্ৰত যোৱা ২৯ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা সদৌ মৰাণ ছাত্ৰ সন্থাৰ একবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ প্ৰথমখন মুকলি সভাত মুখ্য মন্ত্ৰীৰ লগতে সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকে মৰাণ সাহিত্য সভাৰ সভাপতি তৰুণ বৰুৱা মৰাণ।

তাৰোপৰি আমন্ত্ৰিত অতিথি হিচাপে খাদ্য সংসাধন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শ্ৰম আৰু চাহজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজ্যসভা সাংসদ বিশ্বজিৎ দৈমাৰী আৰু অসম মৰাণ সভাৰ প্ৰাক্তন সভাপতি দুলাল মৰাণ, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ আৱাসিক মুখ্য কাৰ্যবাহী দিলীপ কুমাৰ শৰ্মা, গৱেষক, লেখক সঞ্জীৱ কুমাৰ শৰ্মাৰ লগতে মৰাণ জনগোষ্ঠীৰ বিভিন্ন সংগঠনৰ নেতৃবন্দ আৰু জিলাখনৰ স্থানীয় বিধায়কসকল।

সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° পৰমানন্দ ৰাজবংশীয়ে অংশগ্ৰহণ কৰি মৰাণ ছাত্ৰ সন্থাৰ মুখপত্ৰ সৌমাৰ উন্মোচন কৰে।

সভাখনিৰ পৌৰোহিত্য কৰে সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰুণজ্যোতি মৰাণে।