অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ আন এক বিভ্ৰান্তিকৰ প্ৰমাদ : এদিন আগতীয়াকৈ জনালে শিশু দিৱসৰ শ্ৰদ্ধাঞ্জলি

Untitled-1 copy (9)

অসম চৰকাৰৰ জনসংযোগ সঞ্চালকালয়ে প্ৰকাশ কৰা বিভ্ৰান্তিকৰ বিজ্ঞাপনটো।

দেশৰ দুগ্ধপোষ্য এটি শিশুৱেও জানে যে ১৪ নৱেম্বৰত শিশু দিৱস উদযাপন কৰা হয়। কিন্তু অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ বিচক্ষণতাৰ ফলত এদিন আগতে অসম চৰকাৰে ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনত শিশু দিৱসৰ শ্ৰদ্ধাঞ্জলি জনালে। অৰ্থাৎ ১৩ নৱেম্বৰতে শিশু দিৱসৰ বিজ্ঞাপন প্ৰকাশ কৰি দেশৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰীলৈ শ্ৰদ্ধাঞ্জলি জনালে।

আজি ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰিকাকতসমূহত (মঙলবাৰ,১৩ নৱেম্বৰ) প্ৰকাশ পোৱা বিজ্ঞাপনটোত কোৱা হৈছে যে ‘’স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ অসমবাসীৰ হৈ আজি তেখেতৰ জন্মদিৱসত জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম’’।

তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসম চৰকাৰৰ দ্বাৰা প্ৰচাৰিত Jansanyog/6585/18 বিজ্ঞাপন নং জৰিয়তে প্ৰকাশ কৰা বিজ্ঞাপনটোত তলত সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী, অসম বুলি উল্লেখ কৰা হৈছে।

এতিয়া কথা হ’ল হাস্যকৰভাৱে অসম চৰকাৰে এদিন আগতে শিশু দিৱসৰ এই বিজ্ঞাপনটো প্ৰকাশ কৰিব লগা হ’ল কিয়? তাকো এদিন আগতে ‘আজি’ বুলি উল্লেখ কৰি প্ৰকাশ কৰা বিজ্ঞাপনটোৱে চৰকাৰখনকে হাহিয়াতৰ পাত্ৰ কৰি তোলা নাইনে?

প্ৰকৃততে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ চৰকাৰৰ মিডিয়া মেনেজাৰৰ এনে কাণ্ডজ্ঞানহীন কাৰ্যই চৰকাৰখনৰ লগতে মুখ্যমন্ত্ৰীকো তুচ্ছ কৰি তুলিলে।

উল্লেখযোগ্য যে অসম চৰকাৰৰ মিডিয়া মেনেজাৰৰ এনে দায়িত্বহীন কাৰ্যৰ এইটো একমাত্ৰ উদাহৰণ নহয়। ইয়াৰ আগতে যোৱা অক্টোবৰ মাহতো বন্য প্ৰাণী সপ্তাহ পালনক লৈ এনে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি চৰকাৰখনক লজ্জানত কৰাৰ ঘটনা সংঘটিত কৰিছিল।

সেইবাৰ সমগ্ৰ দেশতে বিভিন্ন ৰাজ্যই অক্টোবৰৰ ২ তাৰিখৰ পৰা ৮ তাৰিখলৈকে ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰাৰ বাবে সাজু হোৱাৰ সময়তে একমাত্ৰ ব্যতিক্ৰম হিচাপে অসমে অক্টোবৰৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ বন্যপ্ৰাণী সপ্তাহ পালন কৰাৰ কথা অসম চৰকাৰৰ জনসংযোগ বিভাগৰ বিজ্ঞাপন যোগে প্ৰকাশ কৰিছিল।

ৰাজ্যখনৰ প্ৰধান দৈনিক বাতৰি কাকতসমূহত ১ অক্টোবৰত এক সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপনত মিচিকিয়াই হাঁহি থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটোৰ লগতে অসম গৌৰৱ এশিঙিয়া গঁড় তথা অন্য বন্যপ্ৰাণীৰ ফটোসহ বন্যপ্ৰাণী সপ্তাহ ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ প্ৰকাশ পাইছিল।

উক্ত বিজ্ঞাপনটো তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে বিজ্ঞাপন নং জনসংযোগ/ডি /৫৩১৫/১৮ নং যোগে প্ৰকাশ পাইছিল।

ৰাজ্য চৰকাৰৰ মিডিয়া মেনেজমেন্ট বিষয়ৰ দায়িত্বত থকা লোকসকলৰ চৰম অজ্ঞতা আৰু দায়িত্বহীনতাৰ বাবে সংঘটিত হোৱা এনে মাৰাত্মক বিভ্ৰান্তিৰ পাছতো মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট ব্যক্তিসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই তেওঁলোকে বাৰে বাৰে এনে ভুলৰ পুনৰাবৃত্তি কৰাৰ আসৈ পাইছে।

মুখ্যমন্ত্ৰী আৰু চৰকাৰক বাৰে বাৰে লজ্জানত হ’বলৈ বাধ্য কৰোৱা এই মিডিয়া মেনেজাৰসকলৰ এনে উদ্ধত স্বভাৱৰ বাবেই এদিন মুখ্যমন্ত্ৰী যে লোকচক্ষুত হেয় প্ৰতিপন্ন হ’ব লাগিব তাৰ উমান ইতিমধ্যে পোৱা গৈছে।

ৰাজ্য চৰকাৰৰ মিডিয়া মেনেজাৰৰ লবী সৃষ্টিকাৰী এইসকল ব্যক্তিৰ জ্ঞান, বিচক্ষণতা আৰু দায়িত্বহীনতাই চৰকাৰখনৰ বাবে আহুকালৰ সৃষ্টি কৰাৰো অভিযোগ আছে। দিক্দৰ্শীহীন, প্ৰাক্তন সতীৰ্থ তথা ক্ষমতাই মূৰত ধৰা মিডিয়া মেনেজাৰৰ বেপেৰোৱা কাৰ্যই আগন্তুক দিনত মুখ্যমন্ত্ৰীক যে বিপদত পোলাব সেয়া ধুৰূপ।