NORTHEAST NOW (Assamese)

ৰাজ্যত নতুন শিক্ষকৰ নিযুক্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ : শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য

February 7, 2019 9:18 am · এন ই নাও নিউজ
শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। ফাইল ছবি।

‘শীঘ্ৰে ৰাজ্যত ৯,০০০ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। নতুন শিক্ষকৰ নিযুক্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে।’ ৬ জানুৱাৰিত বিধানসভাত এই কথা উল্লেখ কৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

বুধবাৰে সদনত কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক-শিক্ষয়িত্ৰী নথকাৰ প্ৰসংগ উত্থাপন কৰে। আৰু খালেকে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী ভট্টাচাৰ্যই বিধানসভাত উক্ত তথ্য সদৰী কৰে।

লগতে মন্ত্ৰী গৰাকীয়ে কয় যে চৰ-দুৰ্গম অঞ্চলত কৰ্মৰত মহিলা টে’ট শিক্ষকসকলৰ বাবে থকাৰ কিবা ব্যৱস্থা কৰিব পৰা যায় নেকি, এই সন্দৰ্ভতো চৰকাৰে চিন্তা-চৰ্চা কৰিছে।

তাৰোপৰি জিলা পৰ্যায়ৰ শিক্ষকৰ ৰেচনেলাইজেশ্বন প্ৰক্ৰিয়া জিলা উপায়ুক্তৰ তত্বাৱধানত সংশ্লিষ্ট জিলাৰ ভিতৰতে কৰিব পৰা যায় নেকি এই সন্দৰ্ভতো বিবেচনা কৰা হ’ব বুলিও বিধানসভাত মন্ত্ৰী ভট্টাচাৰ্যই উল্লেখ কৰে।

Related News