NORTHEAST NOW (Assamese)

চৰকাৰৰ ৰোষত ৰাজনৈতিক কাৰ্যকলাপত জড়িত কৰ্মচাৰী; অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

December 24, 2019 8:05 pm · এন ই নাও নিউজ
প্ৰাথমিক শিক্ষা সঞ্চালকালয়।

যিসময়ত সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি শেহতীয়া বিতৰ্কিত ‘নাগৰিকত্ব সংশোধনী আইন'(কা)ৰ বিৰুদ্ধে সৰ্বস্তৰৰ জনতাৰ প্ৰবল প্ৰতিবাদ অব্যাহত আছে, তেনে সময়তে অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ এক বিশেষ নিৰ্দেশনাই অসমৰ শিক্ষকসকলৰ লগতে জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মঙলবাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ শিক্ষা বিষয়াসকললৈ অসম প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা এক নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে।

নিৰ্দেশনা অনুসৰি, বৰ্তমান বহুলভাৱে প্ৰচলিত ফেইচবুক, হোৱাটছ্ এপ, টুইটাৰ, ইনষ্টা’গ্ৰাম আদি ছ’চিয়েল মিডিয়াত যিসকল বিভাগীয় নিয়মীয়া অথবা ঠিকাভিত্তিক চৰকাৰী কৰ্মচাৰী ৰাজনৈতিক কাৰ্যকলাপ আৰু গতিবিধিত জড়িত হৈছে, সেইসকলৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

প্ৰাথমিক শিক্ষা সঞ্চালকে দিয়া নিৰ্দেশনাটো।

ৰাজনৈতিক কাৰ্যকলাপত জড়িত হৈ অসম সেৱা বিধি, ১৯৬৪ৰ নিয়ম ভঙ্গৰ অভিযোগ আনি এনে কৰ্মচাৰী তথা শিক্ষকৰ বিৰুদ্ধে ব্যৱস্থা ল’বৰ বাবে জিলা শিক্ষা বিষয়াসকলক নিজ নিজ জিলাৰ অন্তৰ্গত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া,  সহকাৰী পৰিদৰ্শক আৰু উপ-পৰিদৰ্শকসকললৈ নিৰ্দেশনা প্ৰেৰণৰ বাবেও নিৰ্দেশ দিছে।

ইতিমধ্যে ‘কা’ বিৰোধী গণ-সংগ্ৰামত সাধাৰণ জনতাৰ সমানেই জঁপিয়াই পৰা চৰকাৰী কৰ্মচাৰী তথা শিক্ষকসকলে বিষয়টো কেনেদৰে গ্ৰহণ কৰে লক্ষণীয় হ’ব।

এই সম্পৰ্কে বিভিন্নজনে এনে ব্যৱস্থা জনসাধাৰণৰ সংগ্ৰাম ৰোধৰে এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

Related News