ছিপাঝাৰৰ উচ্ছেদক অবৈধ আৰু বৰ্বৰ আখ্যা দিলে ৰাইজৰ দলে

Sipajhar Eviction

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আজি ছিপাঝাৰৰ উচ্ছেদক অবৈধ, বৰ্বৰ আৰু অমানৱীয় আখ্যা দিয়ে।

আজি সম্বোধন কৰা এখন সংবাদ মেলত ছিপাঝাৰৰ উচ্ছেদ সম্পৰ্কে এই মন্তব্য কৰে অখিল গগৈয়ে।

বৃহস্পতিবাৰে ছিপাঝাৰৰ গৰুখুঁটীত অসম চৰকাৰে চলোৱা উচ্ছেদৰ ফলত উচ্ছেদিত জনতাৰ বাবে বিকল্প সমাধান আৰু সংস্থাপনৰ দাবী জনাই ৰাইজৰ দলে।

গৰুখুঁটীৰ উচ্ছেদিত জনতাৰ ওপৰত আৰক্ষী বাহিনীয়ে যি হিংসাত্মক অত্যাচাৰ চলালে,সেয়া অগণতান্ত্ৰিক আখ্যা দি ইয়াৰ বাবে অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক গৰিহণা দিয়ে অখিল গগৈয়ে।

অখিল গগৈৰ মতে, গৰুখুঁটীৰ দৰিদ্ৰ জনসাধাৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ প্ৰশাসনে চলোৱা উচ্ছেদ সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু অমানৱীয়।

উচ্ছেদিত জনতাৰ গণতান্ত্ৰিক প্ৰতিবাদক আৰক্ষী প্ৰশাসন আৰু চৰকাৰে ফেচিষ্ট আচৰণেৰে দমন কৰি ভূমিহীন জনতাক হত্যা কৰাৰ অভিযোগ তোলে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে।

হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ চলোৱাত সম্পূৰ্ণ বিফল হৈছে বুলি অভিযোগ কৰি অখিল গগৈয়ে কয়, গৰুখুঁটীৰ উচ্ছেদিত লোকসকল বিদেশী নহয়। কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই ভূমিহীন জনসাধাৰণক বিদেশী সজাই নিজৰ ৰাজনৈতিক অভিসন্ধি পূৰণত লিপ্ত হৈছে।

লগতে ৰাইজৰ দলে ভূমিহীন জনতাৰ ওপৰত চলোৱা আৰক্ষীৰ বৰ্বৰতাক ধিক্কাৰ জনাই প্ৰতিবাদকাৰী জনতাৰ ওপৰত গুলীবৰ্ষণ কৰা আৰক্ষী বিষয়াৰ তাৎক্ষণিক নিলম্বন কৰিবলৈ দাবী জনায়।

তদুপৰি অখিল গগৈয়ে মত পোষণ কৰে যে, ৰাইজৰ দলে উচ্ছেদৰ বিৰোধিতা নকৰে,কিন্তু বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ কৰা উচ্ছেদৰহে ৰাইজৰ দলে বিৰোধিতা কৰিছে।