NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতো নিৰ্ধাৰিত তাৰিখত প্ৰকাশ নাপালে স্নাতক শিক্ষক পদৰ ফলাফল  

June 11, 2025 3:42 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 11, 2025 3:56 pm

অসমৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ বিদ্যালয় শিক্ষক নিযুক্তিৰ বাবে ‘টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেণ্ট টেষ্ট ২০২৪ চমুকৈ টেটৰ ফলাফল ঘোষণাত পলম হোৱাৰ বাবে বিমোৰত পৰিছে প্ৰাৰ্থী সকল। ৩০ মে’ত পিজিটিৰ ফলাফল ঘোষণা কৰিলে কিন্তু জিটিৰ ফলাফল অজি পৰ্যন্ত ঘোষণা কৰা হোৱা নাই।

প্ৰসংগক্ৰমে ১৮ মে’ত এই সন্দৰ্ভত এক প্ৰতিবেদন নৰ্থ ইষ্ট নাওত প্ৰাকশ কৰা হৈছিল। এই প্ৰতিবেদন প্ৰকশ পোৱাৰ পিছতে ১৮ মে’ নিশাৰভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ্মাই ফেচবুক লাইভ জৰিয়তে অন্যান্য বহুকেইটা ঘোষণাৰ লগতে টেট পিজিটি আৰু জিটিৰ প্ৰভিজনেল লিষ্ট জুনৰ ৫ তাৰিখে প্ৰকাশ কৰা হ’ব বুলি ঘোষণা কৰিছিল। উল্লেখ্য যে ৩০ মে’ত পিজিটিৰ ফলাফল ঘোষণা কৰে যদিও স্নাতক শিক্ষক (GT) পদৰ ফলাফল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা নিৰ্দিষ্ট সময়তকৈ ৬টা দিন পাৰ হৈ যোৱাৰ পিছতো ঘোষণা হোৱা নাই প্ৰভিজনেল লিষ্ট। এই লৈ প্ৰাৰ্থীসকল আশংকাত ভুগিছে। শীঘ্ৰে জিটিৰ ফলাফল ঘোষণা কৰিবলৈ আহ্বান জনাইছে প্ৰাৰ্থী সকলে।

উল্লেখ্য যে TET নিযুক্তি পৰীক্ষাত, স্নাতক শিক্ষক (GT) পদৰ বাবে মুঠ ৩৫,৭৫৭ জন আৰু স্নাতকোত্তৰ শিক্ষক (PGT) পদৰ বাবে মুঠ ২৭,৮২৪ জন প্ৰাৰ্থীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰে। GT পদৰ বাবে মুঠ ৩৯,২২৪ আবেদন পোৱা হৈছিল, যাৰ ভিতৰত ৩৫,৭৫৭ জন প্ৰাৰ্থীয়ে পৰীক্ষা দিয়ে। আনহাতে, PGT পদৰ বাবে ৩০,৩৫৮ আবেদনকাৰীৰ ভিতৰত ২৭,৮২৪ জনে পৰীক্ষাত বহিছিল।

Related News