অসমত আজিলৈকে ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদান

Covid

ক’ভিড প্ৰতিষেধকৰে ৰাজ্যবাসীক ক’ভিড সুৰক্ষা কবচ প্ৰদানৰ দিশত ৰাজ্য চৰকাৰে অব্যাহত ৰখা অভিযানে আজি এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয় বুলি দাবী ৰাজ্যৰ স্বাস্থ্য বিভাগৰ।

ৰাজ্যবাসীৰ মাজত ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ সীমা আজি অতিক্ৰম কৰে বুলিও কয় তেওঁলোকে।

তেওঁলোকৰ মতে ক’ভিড প্ৰতিষেধক অভিযানৰ অধীনত অসমত আজি সন্ধিয়ালৈকে মুঠ ২,০০,০২,৬৫৯ পালি ক’ভিড প্ৰতিষেধক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ।

ভাৰত চৰকাৰৰ ক’উইন এপ (cowin.gov.in)ত শনিবাৰে সন্ধিয়ালৈ পঞ্জীয়ন হোৱা তথ্য অনুসৰি এতিয়ালৈকে অসমত ১,৬৩,৩১,৯৮৭ গৰাকী লোকক প্ৰথম পালি আৰু ৩৬,৭০,৬৬৯ গৰাকী লোকক দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, দেশৰ অন্য ৰাজ্যৰ লগতে অসমতো যোৱা ১৬ জানুৱাৰীত ক’ভিড প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ হোৱাৰ পাছত যোৱা ২৭ জুলাইত ১ কোটি পালি প্ৰতিষেধক প্ৰদানৰ সফলতা অৰ্জন কৰিবলৈ হৈছিল ৰাজ্যৰ স্বাস্থ্য বিভাগ।

আনহাতে, যোৱা ২৮ জুলাইৰ পৰা আজিলৈকে মাথো ৪৬ দিনৰ ভিতৰতে এক কোটি লোকক ক’ভিড প্ৰতিষেধক প্ৰদানত সফলতাৰে মুঠ ২ কোটি পালি প্ৰতিষেধকৰ সীমাও অতিক্রম কৰিলে বিভাগটোৱে।

এই সফলতাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে এএনএম তথা স্বাস্থ্যকৰ্মীসকলক স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ধন্যবাদ জনাইছে।

স্বাস্থ্যমন্ত্ৰী মহন্তই আজি ৰাজ্যবাসীলৈ এক বাৰ্তা প্ৰেৰণ কৰি কয় “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিক্-দৰ্শনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক ক’ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ চলাই থকা ক’ভিড প্ৰতিষেধক অভিযানে আজি আন এক মহত্বপূৰ্ণ সফলতা লাভ কৰিলে। ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই অসমে ২ কোটি পালি ক’ভিড প্ৰতিষেধক প্ৰদানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।”

ৰাজ্যবাসীৰ মাজত ক’ভিড প্ৰতিষেধক প্ৰদানত মূল ভূমিকা লোৱা প্ৰতিগৰাকী এএনএম তথা স্বাস্থ্যকৰ্মী, আশাকৰ্মী, গাঁওবুঢ়া, স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰীসকললৈ ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে কেশৱ মহন্তই।

“জিলাসমূহত এই ক’ভিড প্ৰতিষেধক অভিযান সুনিয়াৰিকৈ তদাৰক কৰাৰ বাবে জিলা প্ৰশাসনসমূহলৈও ধন্যবাদ জনাইছো।”

১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোৰে বাবে বিনামূলীয়া ক’ভিড প্ৰতিষেধক প্ৰদানৰ সুবিধা আগবঢ়োৱাৰ লগতে অসমলৈ বিশেষ উদ্যোগ লৈ ক’ভিড প্ৰতিষেধক প্ৰেৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াৰ প্ৰতি স্বাস্থ্যমন্ত্ৰী মহন্তই ৰাজ্যবাসীৰ হৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোৰে বাবে বিনামূলীয়া প্ৰতিষেধক মুকলিৰ সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমত যোৱা ২১ জুনৰ পৰা ক’ভিড প্ৰতিষেধক অভিযান জোৰদাৰ কৰি তোলে।

সেইমতে, ৰাজ্যত আৰম্ভণিৰ পৰা আজিলৈকে স্বাস্থ্যকৰ্মীসকলৰ মাজত মুঠ ৩,৯৫,৬৩৪ পালি, আৰক্ষীসহ ফ্ৰণ্টলাইন ৱৰ্কাৰৰ মাজত মুঠ ৮,১১,৯২৯ পালি, ১৮ বছৰৰ ঊৰ্দ্ধৰ পৰা ৪৫ বছৰৰ অনূৰ্দ্ধৰ মাজত ১,০৯,১৯,৫৫৩ পালি, ৪৫ বছৰৰ পৰা ৬০ বছৰ অনূৰ্দ্ধৰ লোকৰ মাজত ৫৩,৩১,০০২ পালি আৰু ৬০ বছৰৰ ঊৰ্দ্ধৰ লোকৰ মাজত ২৫,৪৪,৯১৯ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিছে স্বাস্থ্য বিভাগে।

ইফালে, অহা ১৩ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত দৈনিক গড়ে ৪ লাখগৰাকীকৈ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ লগতে কেইবাখনো জিলাত ভ্ৰাম্যমান ক’ভিড প্ৰতিষেধক প্ৰদান ভানৰ জৰিয়তে চুবুৰীয়ে চুবুৰীয়ে গৈ ৰাইজক প্ৰতিষেধক দিয়াৰ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে।

ৰাজ্যৰ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককে অক্টোবৰৰ ১৫ তাৰিখৰ পূৰ্বেই প্ৰথম পালি ক’ভিড প্ৰতিষেধক দি সম্পূৰ্ণ কৰিব পৰা যাব বুলিও বিভাগটোৱে আশা কৰিছে।