NORTHEAST NOW (Assamese)

দেশৰ ভিতৰতে অসমতেই আছে সৰ্বাধিক ‘বন্দী হাতী’, প্ৰথমটো হাতী পিয়লৰ প্ৰতিবেদন

January 27, 2019 6:33 pm · এন ই নাও নিউজ
Updated: January 27, 2019 6:56 pm
ইন্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত প্ৰথমবাৰৰ বাবে হোৱা পোহনীয়া হাতী পিয়লৰ প্ৰতিবেদন অনুসৰি অসমতেই আছে সৰ্বাধিক ৯০৫টা বন্দী হাতী । ৯০৫টা হাতীৰ ভিতৰত ৭৫২টা হাতী প্ৰাইভেট কাষ্টডিত থকা বুলি উক্ত প্ৰতিবেদনত প্ৰকাশ পায়।

সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশত প্ৰথমবাৰৰ বাবে হোৱা এই বন্দী হাতী পিয়ল দেশৰ ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হৈছিল।

পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰ্যালয়ে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা এই প্ৰতিবেদন অনুসৰি প্ৰাইভেট কাষ্টডিত থকা ১৮০৯টা বন্দী হাতীৰ ভিতৰত ১৬৮৭টা হাতী ব্যক্তিগত মালিকৰ অধীন হৈ আছে।

উল্লেখ্য যে অসমৰ পিছতে ৫১৮টা বন্দী হাতীৰে তালিকাৰ দ্বিতীয় স্থানত আছে কেৰেলা। আনহাতে ১৮৪টা আৰু ১৩৮টাৰে বন্দী হাতীৰ তালিকাত তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে কৰ্ণাটক আৰু তামিলনাডু।

উল্লেখ্য যে মালিকীস্বত্বৰ কোনো প্ৰমাণপত্ৰ নোহোৱাকৈয়ে অসমত ৩৩৫টা হাতী বন্দী হৈ থকা বুলিও উক্ত প্ৰতিবেদনত প্ৰকাশ পায়। অসমৰ পাছতে দ্বিতীয় স্থানত আছে কেৰেলা। কেৰেলাত প্ৰমাণপত্ৰ অবিহনে ১৩৪টা হাতী বন্দী হৈ আছে।

বন্দী হাতীৰ সংখ্যা নিৰ্ধাৰণৰ বাবে নিজ নিজ ৰাজ্য সমূহে সৰ্বোচ্চ ন্যায়ালয়ৰ বিভিন্ন নিৰ্দেশনা অনুকৰণ কৰি এই গণনা সম্পন্ন কৰিছিল।

উল্লেখ্য যে যোৱা বৰ্ষৰ নবেম্বৰ মাহত ন্যায়াধীশ এ কে চিক্ৰীৰ নেতৃত্বৰ এখন বিচাৰপীঠে ৩১ মাৰ্চৰ ভিতৰত বন্দী হাতীৰ পিয়ল সম্পন্ন কৰাৰ বাবে শেষ সময়সীমা বান্ধি দিছিল। কিন্তু এতিয়াও অৰুণাচল, তেলেংগানা, চিকিম, মিজোৰাম, হিমাচল প্ৰদেশ, নাগালেণ্ড, জম্মু-কাশ্মীৰ, কেন্দ্ৰীয় শাসিত অঞ্চলৰ দমন আৰু দিউৱে এই পিয়লৰ প্ৰতিবেদন দাখিল কৰিবলৈ বাকী আছে।

প্ৰাইভেট কাষ্টডিত থকা ১৮০৯টা হাতী বিভিন্ন ব্যক্তি, চাৰ্কাচ আৰু মন্দিৰত ব্যৱহাৰ হৈ থকাৰ বিপৰীতে বাকী বন্দী হাতীসমূহ বন বিভাগ তথা চিৰিয়াখানাত থকা বুলি তথ্যত প্ৰকাশ পাইছে।

Related News