• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মিজোৰামৰ পৰিস্থিতি বিৱৰি গৃহ মন্ত্ৰ্যালয়লৈ লিখা আইএএছ বিষয়াৰ পত্ৰক লৈ চাঞ্চল্য

প্ৰতিবাদকাৰীয়ে সহকৰ্মীসহ যোৱা বিষয়াজনক গণৰাজ্য দিৱসৰ গেইটৰ পৰাই ঘূৰাই পঠাইছিল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2019 6:04 pm
mizoram-protest-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ‘কঠোৰ বাৰ্তা’ প্ৰেৰণ কৰি প্ৰতিবাদ কৰি থকা মিজোৰামৰ দল-সংগঠনে ৰাজ্যখনত ৭০ সংখ্যক গণৰাজ্য দিৱস অভাৱনীয়ভাৱে সীমাবদ্ধ কৰি পেলোৱাৰ পিছত এই পৰিস্থিতি বিৱৰি এজন আই এ এছ বিষয়াই কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈ লিখা এখন পত্ৰই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

২৬ জানুৱাৰিত গণৰাজ্য দিৱসৰ চৰকাৰী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা ভূপেশ চৌধুৰী নামৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াজনে সতীৰ্থৰ সৈতে প্ৰতিবাদী দল-সংগঠনে ওভতাই পঠোৱাৰ কেইঘণ্টামানৰ পিছতে নিজৰ ক্ষোভ প্ৰকাশ কৰি গৃহ মন্ত্ৰ্যালয়লৈ চিঠিখন লিখে।

Apply Now

“যিটো ঘটিল সেয়া এখন স্বাধীন ৰাষ্ট্ৰত অভাৱনীয় কথা”, দিৱসৰ কাৰ্য্যসূচীস্থলীৰ গেইটৰ পৰা ঘূৰি আহিব লগীয়া পৰিস্থিতিটোক এইদৰে কয় বিষয়াজনে।

তেওঁ পত্ৰখনত গোটেই ঘটনাৰ বিৱৰণ দি কয় যে তেওঁ আৰু তেওঁৰ লগতে আনকেইজন সতীৰ্থ বিষয়া পুৱা ৭ বজাতেই গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থকাৰ বাবে আইজলস্থিত আছাম ৰাইফলছ গ্ৰাউণ্ডৰ নৰ্দাৰ্ন গেইটত উপস্থিত হয়।

কিন্তু তেওঁলোকক হতভম্ব আৰু বিব্ৰত কৰি মূল প্ৰৱেশদ্বাৰত জইণ্ট এন জি অ’ ক’অৰ্ডিনেশ্যন কমিটীৰ সদস্যই তেওঁলোকক বাধা দি ৰখাই থয়।

“আমাক কোৱা হয় যে আমি গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীত উপস্থিত থাকিব নোৱাৰিম। আৰু সেইবাবে অপ্ৰীতিকৰ পৰিস্থিতি নহওঁতেই আমি ঘূৰি যাব লাগে।” চিঠিখনত বিষয়াজনে পৰিস্থিতিটো বিৱৰি এইদৰে লিখে।

“যেতিয়া আমি তেওঁলোকৰ সৈতে যুক্তি-তৰ্ক কৰো, সদস্যকেইজনে কয় যে ‘মিজোৰাম চৰকাৰ তেওঁলোকৰ সৈতে এটা চুক্তিত উপনীত হৈছে যে কেৱল মিজোৰাম চৰকাৰৰ সচিবসকলক আৰু তাতকৈ উচ্চ পৰ্য্যায়ৰ বিষয়াকহে গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীটোত ভাগ ল’বলৈ অনুমতি দিয়া হ’ব।’” চিঠিখনত কোৱা হয়।

উল্লেখ কৰিব পাৰি যে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬-ৰ বিৰোধিতাত দুদিনমান পূৰ্বে এন জি অ’ ক’অৰ্ডিনেশ্যন কমিটীয়ে সমগ্ৰ মিজোৰামতে গণৰাজ্য দিৱস বৰ্জনৰ সিদ্ধান্ত লৈছিল।

বিষয়াজনে চিঠিখনত লিখে, “আমি তেওঁলোকক কওঁ যে বিধেয়কখনৰ বিৰোধিতা কৰাৰ যিকোনো সংগঠনৰে গণতান্ত্ৰিক অধিকাৰ থাকিলেও এইদৰে চৰকাৰৰ বিষয়াক গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীৰ পৰা বাৰণ কৰাটো বেআইনী কথা।”

কিন্তু বুজোৱাৰ পিছতো কোনো কামত নাহিল। ফলত গেইটৰ বাহিৰতে এঘণ্টা অপেক্ষা কৰি আইন-শৃংখলাৰ পৰিস্থিতিৰ কথা চিন্তা কৰি তেওঁলোক ক্ষোভ-অপমান লৈ উভতি আহিবলৈ বাধ্য হয়। বিষয়াজনে আৰক্ষী প্ৰশাসনৰ পৰাও সহায় নোপোৱাৰ অভিযোগ আনে চিঠিখনত।

তেওঁ জনোৱামতে, তাত উপস্থিত থকা কোনো এজন দণ্ডাধীশ অথবা আৰক্ষীয়ে এন জি অ’ ক’অৰ্ডিনেশ্যন কমিটীৰ সদস্যকেইজনৰ বাধাৰ পৰা তেওঁলোকক সকাহ দিবলৈ আগ বাঢ়ি নাহিল। “উচ্চ পৰ্য্যায়ৰ আৰক্ষী বিষয়াকেইজনেও নিজৰ অসাহয়তাহে প্ৰাকশ কৰিছিল”, বিষয়াজনে অভিযোগ কৰে।

“য’ত প্ৰতিজন নাগৰিকে যাতে গণৰাজ্য দিৱস উৎসাহ-উদ্দীপনা আৰু মুক্তমনে উদযাপন কৰিব পাৰে সেইটো নিশ্চিত কৰা চৰকাৰৰ দায়িত্ব, তাত এনেকুৱা ঘটনাই প্ৰমাণ কৰে যে আমি আমাৰ নিম্নতম দায়িত্ব পালনত ব্যৰ্থ হৈছো।” চৰকাৰৰ অক্ষমতাক সমালোচনা কৰি চৌধুৰীয়ে চিঠিখনত উল্লেখ কৰে।

তেওঁ লগতে এই পৰিস্থিতিটোৰ বাবে দায়ী সকলো পক্ষৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱাৰ বাবে সংশ্লিষ্ট পক্ষক দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd