• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২ হাজাৰ নাৰ্ছৰ কৰ্মবিৰতিত সংকটত চৰকাৰী চিকিৎসালয়! স্বাস্থ্যখণ্ডত বাৰে বাৰে অচলাৱস্থা

কাইলৈ পুৱাই স্বাস্থ্য মন্ত্ৰীৰে আলোচনাৰ বাবে সদৌ অসম নাৰ্ছ সন্থাক আমন্ত্ৰণ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 26, 2018 8:17 pm
Nurse_Protest

সদৌ অসম নাৰ্ছ সন্থাৰ আহ্বানত আজি আৰম্ভ হৈছে কৰ্মবিৰতি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ কিছু দিনৰ ব্যৱধানত অসমৰ স্বাস্থ্যখণ্ডত এটাৰ পাছত আনটো অচলাৱস্থা আৰু ব্যৰ্থতাৰ উদাহৰণ দেখিবলৈ পাইছে অসমৰ জনগণে। স্বাস্থ্যখণ্ডত জৰুৰীকালীন সেৱাৰ দায়িত্বত থকা জি ভি কে-ই এম আৰ আইৰ অধীনৰ কৰ্মীসকলৰ প্ৰতিবাদ, ৰাজ্যত ভেজাল ঔষধৰ পয়োভৰ, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত নৱজাতকৰ অস্বাভাৱিক হাৰত মৃত্যুৰ দৰে ঘটনাৰ পাছত এইবাৰ নাৰ্ছৰ বাবে আচল হৈ পৰিছে ৰাজ্যৰ চৰকাৰী চিকিৎসাসেৱা।

২৬ নৱেম্বৰৰ পৰা সদৌ অসম নাৰ্ছ সন্থাৰ আহ্বানত সমগ্ৰ ৰাজ্যজুৰি অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিছে জি এন এম নাৰ্ছসকলে। ষ্টাফ নাৰ্ছৰ একে পদত একে দৰমহা, সপ্তম দৰমহা আয়োগৰ প্ৰকাশিত আৰ অ’ পিত থকা ষ্টাফ নাৰ্ছৰ দৰমহাৰ গাঁথনিত থকা বিসংগতি সংশোধন কৰা, ষ্টাফ নাৰ্ছৰ পদবী ঘূৰাই দিয়া আৰু ষ্টাফ নাৰ্ছৰ চাকৰি বিধি প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰি ৰাজ্যৰ প্ৰায় ১২০০০ জি এন এম নাৰ্ছে পালন কৰিছে এই কৰ্মবিৰতি।

সদৌ অসম নাৰ্ছ সন্থাৰ সভাপতি অঞ্জনা শইকীয়াই জানিবলৈ দিয়া মতে একোগৰাকী নাৰ্ছে নিয়ম অনুযায়ী হ’ব লগীয়া পদোন্নতি হোৱা নাই যাৰ বাবে তেওঁলোকে ষ্টাফ নাৰ্ছৰ চাকৰি বিধি প্ৰকাশ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।

অঞ্জনা শইকীয়াই কয়, “চৰকাৰী নিয়ম অনুসৰি আমাৰ চাকৰিত যোগদান কৰাৰ পৰা পাঁচ বছৰত পদোন্নতি হ’ব লাগে। জি এন এম নাৰ্ছৰ তিনিটা পদোন্নতি, প্ৰথমতে ৱাৰ্ড ইনচাৰ্জ, তাৰ পাছত এছিষ্টেণ্ট মেট্ৰন আৰু শেষত মেট্ৰন হিচাপে পদোন্নতি পাব লাগে, কিন্তু এতিয়া ত্ৰিচ বছৰলৈ পদোন্নতি নিদিয়ে বা দিলেও এবাৰ হয় আৰু কিছুদিন পাছত তেওঁৰ অৱসৰৰ সময় হয়।”

ইপিনে, ষ্টাফ নাৰ্ছ হিচাপে কৰ্মৰত নাৰ্ছসকলক সপ্তম দৰমহা আয়োগৰ প্ৰৱৰ্তনৰ পাছতেই কেৱল নাৰ্ছ কৰি দিয়া হ’ল। এই পূৰ্বৰ ষ্টাফ নাৰ্ছসকলে তেওঁলোকৰ পদবীসমূহ পুনৰ আগৰ দৰেই কৰাৰ দাবী উত্থাপন কৰিছে।

ইয়াৰ উপৰি সপ্তম দৰমহা আয়োগৰ সংশোধনী অনুযায়ী জি এন এমসকলৰ দৰমহাৰ গাঁথনিৰ কোনো পৰিৱৰ্তন নহ’ল বুলিও তেওঁ ক্ষোভ উজাৰে।

উল্লেখ্য যে সদৌ অসম নাৰ্ছ সন্থাই তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে ইয়াৰ পূৰ্বে চৰকাৰৰ লগত আলোচনাত মিলিত হৈছিল যদিও কোনো ফল লাভ নকৰিলে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, সদৌ অসম নাৰ্ছ সন্থাৰ আহ্বানত আজি আৰম্ভ হোৱা কৰ্মবিৰতিৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত। অসম চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ধৰি চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু স্বাস্থ্যকেন্দ্ৰসমূহত কৰ্মৰত প্ৰায় ১২০০০ জি এন এম নাৰ্ছে আজি আন্দোলন ঘোষণা কৰাৰ লগে লগে অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হৈছে ৰোগীসকল।

জি এন এম নাৰ্ছসকলৰ প্ৰতিবাদৰ সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন চিকিৎসালয়ত আজি নাৰ্ছৰ অভাৱ পূৰণৰ বাবে কৰ্তব্যত নিয়োগ কৰিব লগীয়া হৈছে নাৰ্ছিঙৰ ছাত্ৰী আৰু এন আৰ এইচ এমৰ অধীনত কৰ্মৰত একাংশ নাৰ্ছক।

উল্লেখযোগ্য যে, ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডত এনে ধৰণৰ অচলাৱস্থা এয়েই প্ৰথম নহয়। বিজেপি নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনৰ সময়তেই যোৱা ছেপ্তেম্বৰ মাহত জৰুৰীকালীন এম্বুলেন্স সেৱাৰ দায়িদ্বত থকা জি ভি কে-ই এম আৰ আইৰ কৰ্মীসকলে প্ৰায় ১৫ দিন ধৰি কৰা আন্দোলনত সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছিল ১০৮ আৰু ১০২ এম্বুলেন্স সেৱা। যাৰ ফলত হাহাকাৰ কৰিব লগীয়া হৈছিল ৰোগী আৰু ৰোগীৰ আত্মীয়ই।

সমান্তৰালভাৱে ৰাজ্যত চৰকাৰী চিকিৎসালয়ত ৰোগীক ভেজাল দৰব যোগান ধৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিল। কেইমাহমানৰ পূৰ্বে ৰাজ্যত চৰকাৰী চিকিৎসালয়ত যোগান ধৰা ৪৩ বিধ দৰবক ভেজাল বুলি ঘোষণা কৰিছিল ৰিজিঅ’নেল ড্ৰাগ টেষ্টিং লেব’ৰটেৰিয়ে।

ইয়াৰ পাছতেই শেহতীয়াভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মাত্ৰ কেইদিনমানতে ২০ টাৰো অধিক নৱজাত শিশুৰ মৃত্যু হোৱা ঘটনাই তোলপাৰ লগাইছিল।

বেক ডেটৰ চিঠিৰে আলোচনাৰ প্ৰস্তাৱ লৈ অহা সঞ্চালক বিমুখ

ইপিনে, চৰকাৰী চিকিৎসালয়ত কৰ্মৰত ১২ হাজাৰকৈ নাৰ্ছে ধৰ্মঘট কৰাত আজি স্বাস্থ্য বিভাগৰ থৰকাছুটি হেৰায়। ফলত স্বাস্থ্য বিভাগৰ নাৰ্ছিং সঞ্চালকে জি এম চি এইচ্ছৰ বাহিৰত প্ৰতিবাদত বহি থকা নাৰ্ছসকলৰ প্ৰতিনিধিক লগ কৰে। অঞ্জনা শইকীয়াই জানিবলৈ দিয়া মতে সঞ্চালকজনে এখন পত্ৰ হাতে হাতে দি আজি সন্ধিয়া ৬ বজাত আলোচনাৰ বাবে আমন্ত্ৰণ কৰে নাৰ্ছসকলক।

“আজি আমাৰ নাৰ্ছিং সঞ্চালকে চিঠি এখন লৈ আমাৰ ওচৰলৈ আহিছিল। কিন্তু চিঠিখন বেক ডেটৰ আছিল। ২২ তাৰিখেই ইচ্ছ্যু কৰা চিঠি। গতিকে আমি গ্ৰহণ নকৰিলো।” অঞ্জনা শইকীয়াই কয়।

ইয়াৰ পিছতে স্বাস্থ্য বিভাগৰ উচ্চ স্তৰীয় প্ৰতিনিধিৰ এটা দলে আন্দোলনকাৰী নাৰ্ছসকলক সাক্ষাৎ কৰি কাইলৈ পুৱা ১০ বজাত স্বাস্থ্য মন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ জনায়।

“কিন্তু পূৰ্বৰ দৰে যদি এইবাৰো আলোচনাৰ পৰা একো লাভ নহয়, নাৰ্ছসকলে আন্দোলন প্ৰত্যাহাৰ নকৰে।” সদৌ অসম নাৰ্ছ সন্থাৰ সভানেত্ৰী অঞ্জনা শইকীয়াই স্পষ্ট ভাষাৰে কয়।

উল্লেখযোগ্য যে বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা এতিয়ালৈ ৰাজ্যত স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা দক্ষ মন্ত্ৰী হিচাপে পৰিগণিত ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত বৰ্তমান বিভাগটোত এটাৰ পাছত আনটো সমস্যাই গা কৰি উঠা দেখা গৈছে। যাৰ বাবে ভুক্তভোগী হ’ব লগীয়া হৈছে সাধাৰণ ৰাইজ।

যদি কাইলৈ হ’ব লগীয়া আলোচনা সফল নহয় তেনে হ’লে পুনৰ জি ভি কে-ই এম আৰ আইৰ কৰ্মীৰ আন্দোলনৰ ফলত জৰুৰী চিকিৎসা সেৱা স্তব্ধ হোৱাৰ দৰেই স্বাস্থ্য খণ্ডত আন এক অচলাৱস্থাই দেখা দিয়াৰ আশংকা ঘনীভূত।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd