NORTHEAST NOW (Assamese)

গোলাঘাটৰ চুলাই কাণ্ডত জড়িতৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ

March 3, 2019 10:16 am ·

গোলাঘাটৰ বিষাক্ত চুলাইকাণ্ডৰ সৈতে জড়িত ৩ জন লোকক পুনৰ শনিবাৰে অৰ্থাৎ ২ মাৰ্চত গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ নেতৃত্বত গঠন হোৱা তদন্তকাৰী দলে গ্ৰেপ্তাৰ কৰে। লগতে তেওঁলোকৰ পৰা আৰক্ষীয়ে বহু ধৰণৰ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীও উদ্ধাৰ কৰে।

বৰ্তমানলৈকে আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰা কেইজনকে ধৰি ৩৭ জন লোকক গোলাঘাটৰ চুলাইকাণ্ডৰ সৈতে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। কালি গ্ৰেপ্তাৰ কৰা তিনিজন হ’ল ক্ৰমে আব্দুল কাচিম, সদানন্দ গগৈ আৰু ঘন গগৈ।

উল্লেখযোগ্য যে ঘটনাৰ সৈতে জড়িত লোকক আটক কৰাৰ লগে লগে বহু ন ন তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে অতি কম সময়ৰ ভিতৰত চুলাই মদ প্ৰস্তুত কৰাৰ উদ্দেশ্যে ইয়াক তৈয়াৰ কৰোতে বিষাক্ত ৰাসায়নিক দ্ৰব্য মিহলি কৰা হয়। যাৰ ফলত এই চুলাই মদ সেৱন কৰাটো শৰীৰৰ বাবে অতি ক্ষতিকাৰক হৈ পৰে।

অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত স্পষ্টকৈ কি ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা হয় তাক সদৰী কৰা নাই। ফৰেণচিক ফলাফল অহাৰ পিছতহে সকলো কথা স্পষ্ট হ’ব বুলি উল্লেখ কৰে তদন্তকাৰী দলটিয়ে।

ইফালে এই ঘটনাৰ লগত জড়িত আৰু ৪-৫ জন লোকক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related News