NORTHEAST NOW (Assamese)

কাইলৈৰ পৰা আৰম্ভ অসমৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাঃ ৩ লাখৰো অধিক পৰীক্ষাৰ্থী হ’ব অৱতীৰ্ণ

February 12, 2025 8:37 pm · এন ই নাও নিউজ, গুৱাহাটী

কাইলৈৰ পৰা আৰম্ভ হব ২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, সমগ্ৰ ৰাজ্যতে মুঠ ৩,০৬,৯২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হব। উল্লেখযোগ্য যে এই বছৰ মহিলা প্ৰাৰ্থীৰ সংখ্যা (১,৬২,৪২৩) পুৰুষ প্ৰাৰ্থী (১,৪৪,৫০২)তকৈ বেছি।

পৰীক্ষাৰ্থীৰ ভিতৰত সৰ্বাধিক সংখ্যক কলা শাখা (২,৩০,০৯১), তাৰ পাছতে আছে বিজ্ঞান (৫৭,৭২৪), বাণিজ্য (১৭,৮৬৯), আৰু বৃত্তিমূলক শিক্ষা (১,২৪১)ৰ পৰীক্ষাৰ্থী। কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত ৮৫৬টা কেন্দ্ৰত অনুষ্ঠিত হব এই পৰীক্ষা।

স্বচ্ছ আৰু নিকা পৰীক্ষা প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ সকলো কেন্দ্ৰ চিচিটিভিৰ অধীনত থাকিব,যাৰ শিক্ষা বৰ্ডৰ বিশেষ নিয়ন্ত্ৰণ কক্ষৰ পৰা নিৰন্তৰ নিৰীক্ষণ কৰা হব। ইয়াৰ উপৰিও পৰীক্ষা কেন্দ্ৰসমূহৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ নং ধাৰা বলবৎ কৰা হ, যত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰা হব।

স্পৰ্শকাতৰ কেন্দ্ৰসমূহত নিৰাপত্তা কটকটীয়া কৰা হৈছে,আইন-শৃংখলা বজাই ৰাখিবলৈ আৰু কোনো ধৰণৰ অসৎ উপায় ব্যৱহাৰ ৰোধ কৰিবলৈ আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান নিয়োগ কৰা হৈছে।

Related News