চামগুৰিত নৃশংস হত্যাকাণ্ড; পতিৰ হাতত প্ৰাণ গ’ল পত্নীৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শিৱস্থান আৰক্ষী চকীৰ অন্তৰ্গত কুহুমতলী গাঁৱত আজি পুৱা এজন লোকে নিজ পত্নীক প্ৰথমে লাঠীৰে মৰিয়াই আৰু পিছত বিহ খুৱাই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযুক্ত ব্যক্তিজনক কুহুমতলী গাঁৱৰ নুৰুল হক (২৪) বুলি চিনাক্ত কৰা হৈছে। মৃত মহিলাগৰাকীৰ নাম ৰাচিদা বেগম (২২)।

আৰক্ষীয়ে জনোৱা মতে নুৰুল হকে পাৰিবাৰিক কাৰণত দীৰ্ঘদিন ধৰি নিজ পত্নী ৰাচিদা বেগমৰ ওপৰত অত্যাচাৰ চলাই আহিছিল। অভিযোগ মতে লোকজনে আজি তেওঁৰ পত্নীক লাঠীৰে মৰিয়াই গুৰুতৰভাৱে আহত কৰি পাছত তেওঁক বিহ খুৱাই হত্যা কৰে।

তিনি বছৰীয়া কন্যা সন্তানৰ মাতৃ গৰাকীক হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে মহিলা গৰাকীৰ পৰিয়ালৰ লোকে শিৱস্থান আৰক্ষীক অৱগত কৰে। পিছত শিৱস্থান আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী নুৰুল হকক গ্রেপ্তাৰ কৰে।

স্থানীয় একাংশ লোকৰ অভিযোগ মতে ঘটনাটোক আত্মহত্যাৰ ৰূপ দিবলৈ লোকজনে পত্নীক বলপূৰ্বক বিহ খুৱাই হত্যা কৰিছে।

আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে অভিযুক্ত নুৰুল হকক গ্ৰেপ্তাৰ কৰি ঘটনাৰ সন্দৰ্ভত জেৰা চলাই আছে বুলি কয়।