NORTHEAST NOW (Assamese)

গান্ধীবাদী, মুক্তিযোদ্ধা পদ্মশ্ৰী হেম ভড়ালীৰ দেহাৱসান

April 29, 2020 9:08 pm · এন ই নাও নিউজ
Updated: April 29, 2020 11:26 pm
পদ্মশ্ৰী হেম ভৰালী।

বৰ্ষীয়ান মুক্তিযোদ্ধা, গান্ধীবাদী নেত্ৰী, পদ্মশ্ৰী হেম ভড়ালী আৰু নাই।

বুধবাৰে বিয়লি .৩০  বজাত গুৱাহাটীৰ পূবশৰণীয়াস্থিত নিজ বাসগৃহত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জীৱন্ত দলিল বুকুত বান্ধি লৈ ফুৰা স্বৰাজ আন্দোলনৰ বীৰ সেনানী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০২ বছৰ।

তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলক মৰণোত্তৰ দেহদান কৰি থৈ গৈছে। মৃত্যুৰ পিছতে তেখেতৰ দেহ চিকিৎসা মহাবিদ্যালয়খনলৈ অনা হয়।

ভাৰত চৰকাৰে পদ্মশ্ৰী, জাতীয় সংহতি বঁটা আদি বিভিন্ন সন্মানেৰে বিভূষিত কৰা স্বাধীনতা সংগ্ৰামী হেম ভড়ালীয়ে ’৪২ৰ আন্দোলনত কেইবাবাৰো কাৰাবাস খাটিছিল।

বিনোৱা ভাৱেৰভূদান যজ্ঞ সক্ৰিয়ভাৱে অংশ লৈ তেখেতে ৰঙিয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পদব্ৰজে  প্ৰচাৰ কাৰ্য্য চলাই জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল।

ৱৰ্ধাত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি পিছলৈ তেখেতে গুৱাহাটীৰ পূবশৰণীয়াতকস্তুৰবা আশ্ৰমস্থাপনত আগভাগ লৈ গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত গুৰিব’ঠা হাতত লৈছিল।

কস্তুৰবা আশ্ৰমত সুদীৰ্ঘ দিন ধৰি সমাজ সংস্কাৰৰ কামত ব্ৰতী হৈ থকা ভাৰতৰ সংগ্ৰামী ইতিহাসৰ মহীৰূহ হেম ভড়ালীয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ মহিলাক একগোট কৰি আত্মসহায়ক গোট স্থাপন কৰি বোৱাকটা, খাদীগ্ৰামোদ্যোগ আদিৰ জৰিয়তে স্ব-নিয়োজনৰ পথ দেখুৱাৰ লগতে গান্ধীদৰ্শন আৰু গ্ৰামস্বৰাজৰ সপোন বাস্তৱায়িত কৰিছিল।

ঢকুৱাখনাত শৈশৱ অতিবাহিত কৰা হেম ভড়ালীয়ে লাভ কৰিছিল অসম চৰকাৰৰ মুক্তিযুঁজাৰু পেঞ্চনকে ধৰি বহু সন্মান।

মুক্তিযুঁজাৰুগৰাকীৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

তেখেতৰ মৃত্যুত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক অনুপম চৌধুৰী, নিখিল ভাৰত মুক্তিযুঁজাৰু সমিতিৰ উপসভাপতি তথা অসম ৰাজ্যিক মুক্তিযুঁজাৰু  সন্মিলনীৰ সভাপতি কৃষ্ণ লহকৰ, কামৰূপ (মহানগৰ) উপায়ুক্ত বিশ্বজিৎ পেগু, কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য, ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ প্ৰমুখ্যে সমাজৰ বহু গণ্যমান্য লোকে গভীৰ শোক প্ৰকাশ কৰে।

Related News