• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গান্ধীবাদী, মুক্তিযোদ্ধা পদ্মশ্ৰী হেম ভড়ালীৰ দেহাৱসান

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 29, 2020 11:26 pm

2 min read

Assam: Indian freedom fighter, Gandhian Hema Bharali no more

পদ্মশ্ৰী হেম ভৰালী।

390
VIEWS
Share on FacebookShare on Twitter

বৰ্ষীয়ান মুক্তিযোদ্ধা, গান্ধীবাদী নেত্ৰী, পদ্মশ্ৰী হেম ভড়ালী আৰু নাই।

বুধবাৰে বিয়লি ৩.৩০  বজাত গুৱাহাটীৰ পূব–শৰণীয়াস্থিত নিজ বাসগৃহত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ জীৱন্ত দলিল বুকুত বান্ধি লৈ ফুৰা স্বৰাজ আন্দোলনৰ বীৰ সেনানী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ১০২ বছৰ।

তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলক মৰণোত্তৰ দেহদান কৰি থৈ গৈছে। মৃত্যুৰ পিছতে তেখেতৰ দেহ চিকিৎসা মহাবিদ্যালয়খনলৈ অনা হয়।

ভাৰত চৰকাৰে পদ্মশ্ৰী, জাতীয় সংহতি বঁটা আদি বিভিন্ন সন্মানেৰে বিভূষিত কৰা স্বাধীনতা সংগ্ৰামী হেম ভড়ালীয়ে ’৪২ৰ আন্দোলনত কেইবাবাৰো কাৰাবাস খাটিছিল।

বিনোৱা ভাৱেৰ ‘ভূদান যজ্ঞ‘ত সক্ৰিয়ভাৱে অংশ লৈ তেখেতে ৰঙিয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পদব্ৰজে  প্ৰচাৰ কাৰ্য্য চলাই জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল।

ৱৰ্ধাত বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰি পিছলৈ তেখেতে গুৱাহাটীৰ পূব–শৰণীয়াত ‘কস্তুৰবা আশ্ৰম‘ স্থাপনত আগভাগ লৈ গান্ধীজীৰ বুনিয়াদী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কামত গুৰিব’ঠা হাতত লৈছিল।

কস্তুৰবা আশ্ৰমত সুদীৰ্ঘ দিন ধৰি সমাজ সংস্কাৰৰ কামত ব্ৰতী হৈ থকা ভাৰতৰ সংগ্ৰামী ইতিহাসৰ মহীৰূহ হেম ভড়ালীয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ মহিলাক একগোট কৰি আত্মসহায়ক গোট স্থাপন কৰি বোৱা–কটা, খাদী–গ্ৰামোদ্যোগ আদিৰ জৰিয়তে স্ব-নিয়োজনৰ পথ দেখুৱাৰ লগতে গান্ধী– দৰ্শন আৰু গ্ৰাম–স্বৰাজৰ সপোন বাস্তৱায়িত কৰিছিল।

ঢকুৱাখনাত শৈশৱ অতিবাহিত কৰা হেম ভড়ালীয়ে লাভ কৰিছিল অসম চৰকাৰৰ মুক্তিযুঁজাৰু পেঞ্চনকে ধৰি বহু সন্মান।

মুক্তিযুঁজাৰুগৰাকীৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে।

তেখেতৰ মৃত্যুত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক অনুপম চৌধুৰী, নিখিল ভাৰত মুক্তিযুঁজাৰু সমিতিৰ উপ–সভাপতি তথা অসম ৰাজ্যিক মুক্তিযুঁজাৰু  সন্মিলনীৰ সভাপতি কৃষ্ণ লহকৰ, কামৰূপ (মহানগৰ) ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, কামৰূপৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য, ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত ডাঃ বেদাংগ তালুকদাৰ প্ৰমুখ্যে সমাজৰ বহু গণ্য–মান্য লোকে গভীৰ শোক প্ৰকাশ কৰে।

Recent News

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd