• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

একেটা কামত “দুখন নিবিদা” আহ্বান অসম অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2020 10:13 pm
Guwahati-Umananda-Ferry-Service Assam Inland Water Transport department floats ‘twin tenders’ for the same job
4.7k
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ জলপথক অসম বিকাশৰ ইঞ্জিন কৰি তোলাত বিফল অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগ এতিয়া “নিবিদা কেলেংকাৰি”ত ধৰা পৰিছে।

ৰাজহুৱা ধন হৰলুকিৰ বাবে বিভাগটোৰ সঞ্চালক পবিত্ৰ ৰাম খাউণ্ডে  একেটা কামৰ বাবে “দুখনকৈ নিবিদা” আহ্বান কৰা দেখা গৈছে।

কাৰ্য্যতঃ “দুখন নিবিদা”ৰ খেলটোৰ বিশেষভাৱে পৰিকল্পনা কৰা হৈছে খাউণ্ডৰ পচন্দৰ ঠিকাদাৰক কামটো দিয়াৰ বাবে।

বিভাগটোৰ সঞ্চালকালয়ে বৃহস্পতিবাৰে ৫৯,৪৪,৯৭১ টকাৰ দুখন নিবিদা আহ্বান কৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, দুয়োখন নিবিদাই একেটা কামৰ বাবে—পুশ্বাৰ টাগ গদাপাণি (অসম– ৯৬)ৰ পুনৰ্নিমাণ আৰু নৱীকৰণ।

দুয়োখন নিবিদাই ১১ মাৰ্চৰ বিয়লি ৩ বজালৈকে মুকলি থাকিব, বাতৰি কাকতত দিয়া বিজ্ঞাপনত প্ৰকাশ।

সূত্ৰসমূহে জনোৱা মতে, পৱিত্ৰ ৰাম খাউণ্ডে বিশ্বনাথ জিলাত উপ আয়ুক্ত হিচাপে কাম কৰিছিল আৰু তেওঁৰ ৰুগীয়া অভিভাৱকৰ চোৱাচিতা কৰিবলৈ গুৱাহাটীলৈ বদলি বিচাৰি চৰকাৰক অনুৰোধ কৰিছিল।

বহুবাৰ চেষ্টা কৰা সত্ত্বেও খাউণ্ডক মন্তব্য লোৱাৰ বাবে পোৱা হোৱা নাই।

বিভাগটো ব্ৰহ্মপুত্ৰ জলপথক মাল আৰু যাত্ৰী পৰিবহণৰ প্ৰদূষণমুক্ত আৰু সস্তীয়া পথ কৰি তোলাত সম্পূৰ্ণৰূপে বিফল হৈছে।

অসমৰ মানুহৰ বাবে লাজৰ কথা, বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড০ তনভিৰ মনছুৰে ধুবুৰী নৈ বন্দৰ হৈ বাণিজ্যিক কাৰ্গ’ সেৱা যোৱা ২৭ ডিচেম্বৰত মুকলি কৰিলে।

বাংলাদেশলৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে ভুটানৰ পৰা ২৫০ টন ভঙা শিল কঢ়িওৱাৰ বাবে দুখন বাংলাদেশী জাহাজ— এম ভি সাগৰ এক্সপ্ৰেছ আৰু এম ভি আলবহৰক সেৱাত লগোৱা হৈছে।

অসমৰ মানুহৰ বাবে ই সঁচাই লজ্জাজনক, কাৰণ ভুটানৰ শিল কঢ়িয়াবলৈ বাংলাদেশৰ জাহাজ ধুবুৰীলৈ আনিব লগা হৈছে।

অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ভুটানী মালবস্তুখিনি কঢ়িওৱাৰ বাবে জাহাজ যোগান ধৰিব নোৱাৰিলে।

ভুটানৰ পৰা প্ৰতিদিনাই শ শ শিল পৰিবাহী ট্ৰাক অসমৰ মাজেদি চলে, আৰু মালসমূহ মেঘালয়ৰ দালু হৈ ৰপ্তানি কৰা হয়।

দুৰ্ভাগ্যজনক যে অসমৰ মাজেদি পৰিবহণ হোৱা মালসমূহৰ পৰা ৰাজ্যখনে একো লাভ অৰ্জন কৰিব পৰা নাই।

বাংলাদেশলৈ শিল পৰিবহণৰ বাবে ভুটীয়া ৰপ্তানিকাৰীসকলে যোৱা কিছু বছৰধৰি সদায় গুৱাহাটীৰ পাণ্ডু বন্দৰ ব্যৱহাৰ কৰিবলৈ বিচাৰি আহিছে।

কিন্তু, অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াসকলৰ দূৰদৰ্শিতা আৰু দায়বদ্ধতাহীনতাৰ বাবেই ভুটীয়া কাৰ্গ’ৰ বিশেষকৈ বৃ্হৎ পৰিমাণৰ শিল পৰিবহণৰ মালবাহী এজেণ্ট হিচাপে মূৰ দাঙি উঠাৰ সুযোগ ল’ব নোৱাৰিলে।

বাংলাদেশলৈ বৃ্হৎ পৰিমাণৰ ভুটীয়া শিল পৰিবহণ কৰি অসমে সহজেই বৃ্হৎ ৰাজহ আহৰণ কৰিবলৈ সক্ষম হ’লহেঁতেন।

ব্ৰহ্মপুত্ৰ জলপথৰ বিকাশৰ প্ৰতি কোনো নিষ্ঠা নেদেখুৱাই বিভাগটোৰ বিষয়াসকলে লজ্জাহীনভাৱে অসমৰ জাহাজ ক’লকাতাত ভাৰালৈ দিয়াটো।

অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ইয়াৰ কিছুমান জাহাজ ক’লকাতাস্থিত অপাৰেটৰক ভাৰালৈ দিছে। অসমৰ থলুৱা উদ্যোগীক বঞ্চিত কৰি তেওঁলোকে ইতিমধ্যে সেইবোৰ গংগা-ভাগিৰথী-হুগলিৰ ৰাষ্ট্ৰীয় জলপথ ১ত চলোৱাৰ বাবে লৈ গৈছে।

ক’লকাতাস্থিত ফাৰ্ম ইষ্টাৰ্ন নেভিগেচন আৰু ৰীচ্চ এছিয়া (দুয়োটাৰে মালিক একেজনেই)ই অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মালিকানাধীন এনে কমেও দহখন জাহাজ যোৱা ২০০৮ চনৰে পৰা চলাই আছে।

এই  জাহাজসমূহ চলিব লগা আছিল শদিয়াৰ পৰা ধুবুৰীলৈ ৮৯১ কি. মি.জোৰা ৰাষ্ট্ৰীয় জলপথ ২ত।

বিজেপি নেতৃত্বাধীন চৰকাৰে সঘনাই জাতি, মাটি আৰু ভেটি সুৰক্ষাৰ কথা কোৱাৰ সময়ত চন্দ্ৰ মোহন পাটোৱাৰীয়ে থলুৱা উদ্যোগীক কেতিয়াও উৎসাহিত কৰা নাই।

বিভাগটোৰ কিছুমান জাহাজ ৰাষ্ট্ৰীয় জলপথ ১ত ব্যৱহাৰৰ পিছত ক’লকাতাত পেলাই থোৱা হৈছে।

এনে এখন জাহাজ হৈছে বিভাগটোৰ ধুবুৰী ষ্টেচনত পৰি থকা কে পি এল কাজিৰঙা। ইয়াক ৰাষ্ট্ৰীয় জলপথ ১ত চলোৱা হৈছিল আৰু নিমখ পানীয়ে জাহাজখন মেৰামতি কৰিব নোৱাৰাকৈ বেয়া কৰি পেলালে।

ৰাষ্ট্ৰীয় জলপথ ২ত চলোৱাৰ বাবে কিছুমাহ পূৰ্বে আহ্বান কৰা নিবিদাত অসমৰ কিছু থলুৱা উদ্যোগীয়ে ভাগ লৈছিল।

কিন্তু জাহাজসমূহ অসমৰ বাহিৰৰ কিছুমান কোম্পানিক ভাৰাত দিয়া হ’ল।

Recent News

কাছাৰত ‘গুটখা’ সেৱন কৰি মৃত্যু এগৰাকী অসম আৰক্ষী বিষয়াৰ

কাছাৰত ‘গুটখা’ সেৱন কৰি মৃত্যু এগৰাকী অসম আৰক্ষী বিষয়াৰ

অম্বুবাচী মেলাৰ ভক্তসকলৰ সেৱাৰ্থে ব্যাপক ব্যৱস্থা গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

অম্বুবাচী মেলাৰ ভক্তসকলৰ সেৱাৰ্থে ব্যাপক ব্যৱস্থা গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd