NORTHEAST NOW (Assamese)

গুৱাহাটী বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ

February 8, 2021 5:53 pm · এন ই নাও নিউজ
অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

সোমবাৰে ৰাজ্যৰ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগত খণ্ডক গটাই দিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অসম জাতীয় পৰিষদৰ নেতা-কৰ্মী সকলে সোমবাৰে উত্তৰ-পূব বিমান প্ৰধিকৰণৰ ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ সন্মুখন গুৱাহাটী বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই চৰকাৰে সকলো ৰাজহুৱা সম্পত্তিক ব্যক্তিগত গোষ্ঠীৰ হাতত গটাই দিয়াৰ বাবে যি পদক্ষেপ লৈছে সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব বুলি কয়।

অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদেও প্ৰতিবাদত অংশ লৈ মোদী চৰকাৰক চোঁকা সমালোচনা কৰে।

প্ৰতিবাদকাৰী সকলে মোদী চৰকাৰ হায় হায়, বিমান বন্দৰ ব্যক্তিগতকৰণ মানি লোৱা নহ’ব আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

আনহাতে, প্ৰতিবাদৰ অন্তত অসম জাতীয় পৰিষদৰ প্ৰতিবাদকাৰী সকলে বিভাগীয় কৰ্তৃপক্ষৰ হাতত এখন স্মাৰক পত্ৰও দাখিল কৰে।

Related News