NORTHEAST NOW (Assamese)

নাগালেণ্ডত এন এছ চি এনৰ আক্ৰমণত চহিদৰ এজন অসমৰ কালিদাস শৰ্মা

May 26, 2019 6:37 pm · এন ই নাও নিউজ
Updated: May 26, 2019 6:39 pm
যোৱা ২৫ মে'ত সন্দেহযুক্ত এন এছ চি এন (কে)ৰ আক্রমণত আহত জোৱান।

শনিবাৰে নাগালেণ্ডৰ মন জিলাত সশস্ত্ৰ বিদ্ৰোহীৰ দ্বাৰা আছাম ৰাইফলছৰ ওপৰত সংঘটিত ভয়ংকৰ আক্ৰমণত অসমৰ এজন জোৱান চহিদ হ’বলগীয়া হ’ল। কালিদাস শৰ্মা নামৰ চহিদ জোৱানজনৰ ঘৰ শোনিতপুৰ জিলাৰ মানশিৰি বেৰাজানত।

তেওঁ আাছাম ৰাইফলছত ৰাইফলমেন হিচাপে হিচাপে কৰ্মৰত আছিল। তেওঁ পত্নীসহ দুই কন্যা সন্তান আৰু মাতৃক এৰি থৈ গৈছে।

উল্লেখযোগ্য যে মন জিলাৰ চাংলাংচো নামৰ ঠাইত  কালি দুপৰীয়া ১ বজাৰ আশে-পাশে এন এছ চি এনে চলোৱা উক্ত আক্ৰমণত ২জন জোৱান নিহত হোৱাৰ লগতে আন ৪জন গুৰুতৰভাৱে জখম হৈছিল।

চহিদ কালিদাস শৰ্মা

নিহত আনজন জোৱান নায়ক চুবেদাৰ দীননাথ ৰাম বুলি জানিব পৰা গৈছে।

আনহাতে আছাম ৰাইফলছৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আহত জোৱানকেইজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটস্থিত বায়ু সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

উল্লেখযোগ্য যে কালি সংঘটিত আক্ৰমণৰ স্থানতে ২০১৫ চনতো নাগা সশস্ত্ৰ বিদ্ৰোহীয়ে একেদৰে এটা ভয়ংকৰ এম্বুছ কৰিছিল আছাম ৰাইফলছৰ ওপৰত, য’ত ৯জন জোৱানৰ মৃত্যু হৈছিল।

Related News