চেষ্টাৰ অসাধ্য একো নাই। লগতে আত্মবিশ্বাস, উৎসাহ আৰু নিৰ্দিষ্ট লক্ষ্য থাকিলে সফলতাৰ দিশত কোনো বাধাই হোঙাৰ হ’ব নোৱাৰে। তাৰেই প্ৰমাণ দাঙি ধৰিলে শিৱসাগৰ জিলাৰ আমগুৰিস্থিত চামগুৰিৰ নীলাক্ষী মে’মৰিয়েল একাডেমিৰ ছাত্ৰী নিহাৰিকা হাতীবৰুৱাই।
কেন্সাৰ ৰোগী নিহাৰিকাই এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত চাৰিটা বিষয়ত লে’টাৰসহ ৭৯ শতাংশ নম্বৰ লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
চিকিৎসা লৈ থকা নিহাৰিকাই অসমীয়া, ভূগোল, শিক্ষা আৰু সমাজশাস্ত্ৰ বিষয়ত লে’টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে।
২০১৩ চনৰ পৰাই কৰ্কট ৰোগৰ সৈতে যুঁজি থকা নিহাৰিকাই গাত বেমাৰ লৈয়ে ২০১৭ চনতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৭শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল।
দেহত কঠিন ৰোগ লৈ ছাত্ৰীগৰাকীয়ে দেখুওৱা মনোবলে অঞ্চলবাসীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো অনুপ্ৰাণিত আৰু আনন্দিত কৰিছে।
নিহাৰিকা জিলাখনেৰ নামতি দিকচু চোমদৰ গাঁৱৰ প্ৰমোদ আৰু দীপামণি হাতীবৰুৱাৰ কন্যা।
নিহাৰিকা হাতীবৰুৱাৰ এই সাফল্যত সমগ্ৰ অঞ্চলত আনন্দৰ বন্যা বোৱাই অনাৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।
বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও অগ্ৰগামী নিহাৰিকাক উৎসাহ যোগোৱা বুলি জানিব পৰা গৈছে।
সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত বিদ্যালয়খনৰ ১০০শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়।
বিজ্ঞান শাখাত ১০গৰাকী প্ৰথম আৰু ৭ গৰাকী দ্বিতীয় বিভাগত, কলা শাখাত ১৭গৰাকী প্ৰথম, ১৪গৰাকী দ্বিতীয় আৰু ৬ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে এগৰাকীয়ে ডিষ্টিংচন লাভ কৰাৰ লগতে ৯ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰিছে।