গুৱাহাটীত জিঅ’ৰ ট্ৰু ৫জি সেৱা মুকলি: কামাখ্যা মন্দিৰত বিনামূলীয়া ৫জি সেৱা জিঅ’ৰ

Jio’s True 5G

টেলিকম কোম্পানী জিঅ’ই আজি গুৱাহাটীত মুকলি কৰে ট্ৰু ৫জি সেৱা। জনতা ভৱনত অনুষ্ঠিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ইণ্টাৰনেট সেৱা মুকলি কৰে। মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটীত এই দ্ৰুত ইণ্টাৰনেট সেৱা মুকলিকৰণক ঐতিহাসিক আখ্যা দিয়াৰ লগতে মোবাইল সংযোগৰ নতুন যুগৰ আৰম্ভণি বুলি অভিহিত কৰে।

তেওঁ কয় যে এই সেৱাই অসমৰ জনসাধাৰণৰ বাবে বহু সুযোগ মুকলি কৰিছে আৰু ইয়াৰ ফলত ৰাজ্যৰ অৰ্থনীতি আৰু সামাজিক জীৱনৰ প্ৰতিটো খণ্ডতে এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিব। লগতে তেওঁ গুৱাহাটীত এই সেৱা প্ৰদানৰ বাবে জিঅ’ অসমক অভিনন্দন জ্ঞাপন কৰে।

টিম জিঅ’ক প্ৰশংসা কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বৰ্তমানৰ ৯৫০০ কোটিৰ বিনিয়োগৰ উপৰিও জিঅ’ই অসমত ৫জি নেটৱৰ্ক স্থাপনৰ বাবে চলি থকা কামৰ বাবে অতিৰিক্তভাৱে ২৫০০ কোটিৰো অধিক বিনিয়োগ কৰিছে। লগতে অসমৰ প্ৰতিখন চহৰ আৰু ব্লকতে জিঅ’ ট্ৰু ৫জি সেৱা ক্ষিপ্ৰতাৰে উপলব্ধ কৰা হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।

ভাৰতৰ ৫জি প্ৰযুক্তি সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে বিকশিত হোৱা বুলি উল্লেখ কৰি শৰ্মাই কয় যে ইয়াৰ দ্বাৰা প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ সফল অগ্ৰগতিৰ বিষয়েও বিশ্ববাসীক এক শক্তিশালী বাৰ্তা প্ৰদান কৰা হৈছে। তেওঁ কয় যে ৫জিৰ জৰিয়তে ভাৰতে এক নতুন ইতিহাস সৃষ্টি কৰিছে আৰু ভাৰতৰ বাবে, লগতে ডিজিটেল ইণ্ডিয়া অভিযানৰ বাবেও এয়া এক বৃহৎ সফলতা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে 5G প্ৰযুক্তিয়ে ভাৰতীয় জনসাধাৰণৰ বাবে প্ৰচুৰ সুযোগ কঢ়িয়াই আনিছে আৰু ইয়াৰ দ্বাৰা শিক্ষা, স্বাস্থ্য, কৃষি, উৎপাদন আৰু উদ্যোগ আদি বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে সকলোকে নিজৰ পৰিকল্পনাক বাস্তৱলৈ ৰূপান্তৰিত কৰি আগবাঢ়ি যাবলৈ এই প্ৰযুক্তিৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে জিঅ’ই মহানগৰীত ট্ৰু ৫জি সেৱা মুকলি কৰাৰ লগতে কামাখ্যা মন্দিৰত দৰ্শনাৰ্থী আৰু পৰ্যটকৰ সহায়ক হোৱাকৈ বিনামূলীয়া ৫জি সেৱাও আৰম্ভ কৰিছে।