• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ অনুপ্ৰৱেশকাৰীক লৈহে জাতীয় নেতাসকলৰ ভবিষ্যৎ ৰাজনৈতিক পৰিকল্পনা আছে, খিলঞ্জীয়াসকলক লৈ নাই : উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 26, 2018 9:58 pm
Upamanyu Hazarika

সংবাদমেলত উপমন্যু হাজৰিকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অবৈধ অনুপ্ৰৱেশকাৰীসকলক লৈয়ে জাতীয় নেতাসকলৰ ৰাজনৈতিক পৰিকল্পনা আছে। কিন্তু খিলঞ্জীয়াসকলক লৈ নাই।”

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি আছুৰ নেতৃত্ব তথা অন্যান্য দল-সংগঠনৰ নেতৃত্বক ক্ষুৰধাৰ আক্ৰমণৰ লক্ষ্য হিচাপে লৈ এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ চোকা দৃষ্টি তথা তত্ত্বাৱধানত এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এনআৰচিৰ প্ৰক্ৰিয়াত বাৰেপাচি ভুল থকাৰ সন্দেহ প্ৰকাশ কৰে অধিবক্তাগৰাকীয়ে। আনহাতে ভুলকৈ এনআৰচিৰ খচৰা প্ৰকাশ পোৱাৰ পাছতো আছু তথা কিছুসংখ্যক ৰাজনৈতিক দলৰ নেতাসকল নিমাত হৈ থকাত ক্ষোভ প্ৰকাশ কৰে উপমন্যু হাজৰিকাই।

তেওঁ কয়, “অসম চুক্তি ৰূপায়ণ কৰি কেৰিয়াৰ বনোৱা সকলো জাতীয় নায়ক এনআৰচি খচৰা প্ৰকাশ পোৱাৰ পাছত এতিয়া নিমাত হৈ গ’ল।”

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তকে ধৰি মন্ত্ৰী হোৱা সকলো জাতীয় নেতা এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ ২৭ দিন পিছতো নিমাত হৈ থকাটোৱে কি বুজাইছে?

আনহাতে, ‘তেওঁলোক নিমাত হৈ থকাটো কৌশলপূৰ্বক।‘ বুলি মন্তব্য কৰি তেওঁ কয়, “নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে আনিব লগীয়া বিদেশীখিনিক লৈ জাতীয় নেতাসকলৰ উত্তাল প্ৰতিবাদ, কিন্তু এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা যিখিনি বিদেশীয়ে মধ্য আৰু নামনি অসমত খিলঞ্জীয়াসকলক ভগনীয়া কৰিছে অথবা অত্যাচাৰ কৰিছে, সেইখিনি মানুহক হ’লে তেওঁলোকে অসন্তুষ্ট কৰিব নোৱাৰে।”

ইয়াৰোপৰি বৰ্তমানৰ জাতীয় নেতা তথা ৰাজনৈতিক নেতাসকলে বিদেশীৰ নাম থকা এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাত সহযোগ কৰে, তেন্তে অসমৰ ৰাইজে বদন বৰফুকনকহে এই নেতাসকলৰ সৈতে তুলনা কৰিব বুলিও তেওঁ উল্লেখ কৰে।

“অসমৰ ৰাইজে এইসকল ৰাজনৈতিক নেতাক পৰৱৰ্তী নিৰ্বাচনত এনেকুৱা এখন খচৰা লৈ কেতিয়াও ক্ষমা নকৰে বা নিৰ্বাচিত নকৰে।” সংবাদমেলত হাজৰিকাই কয়।

তেওঁ লগতে জাতীয় নেতাসকলক দাবী জনাই কয় “যদি বিদেশীসকলক লৈ ৰাজনৈতিক পৰিকল্পনা কৰিছে তেন্তে তেওঁলোকে নিজৰ মত স্পষ্ট কৰি দিয়ক।”

আনহাতে, এইক্ষেত্ৰত আছুৱে দায়বদ্ধতা প্ৰদৰ্শন কৰিব লাগিব বুলি তেওঁ সংবাদমেলত দাবী কৰে।

“যিহেতু আছুৰ মজিয়াৰ পৰাই গোটেই নেতৃত্বসমূহ বৰ্তমান মুখ্য মন্ত্ৰী অথবা প্ৰায় ৫৫গৰাকী মন্ত্ৰী-বিধায়ক হৈ আছে।” তেওঁ কয়।

আনহাতে, অসম চুক্তি ৰূপায়ণ কৰি এন আৰ চি আনিলো বুলি আছুৰ নেতৃবৃন্দই কৃতিত্ব ল’ব আৰু আগন্তুক নিৰ্বাচনত তেওঁলোকে টিকট বিচাৰিব বুলি তেওঁ ডাঠি মন্তব্য কৰে।

আনহাতে, একেখন সংবাদমেলতে ন্যায়াধিকৰণ প্ৰক্ৰিয়াই বিদেশী ঘোষণা কৰাসকলক প্ৰশাসনীয় পদ্ধতিয়ে স্বদেশী সজালে বুলি গুৰুতৰ অভিযোগ তুলি তেওঁ কয় ‘ইয়াতকৈ অদ্ভুত কথা একো হ’বই নোৱাৰে।‘

তেওঁৰ মতে, “এফালে যদি বিদেশী হৈ ডিটেনশ্যন কেম্পত থাকে, সেই একেজন লোকেই আকৌ এন আৰ চিত নাম অন্তৰ্ভুক্ত হৈ ঘৰত থকা দেখুওৱা হৈছে। প্ৰকৃত বিদেশী ঘোষণা হোৱাৰ পাছতো তেওঁক এন আৰ চি কৰ্তৃপক্ষই চিনাক্ত কৰিব নোৱাৰিলে। সম্পূৰ্ণ বিসংগতিৰে ভৰপূৰ হৈছে এন আৰ চিৰ খচৰা, এন আৰ চি কৰ্তৃপক্ষই এইবোৰ বিসংগতি শুধৰোৱাৰ প্ৰয়োজন আছে।”

তদুপৰি ক্ষেত্ৰ পৰীক্ষণৰ সময়ত বৃহৎ সংখ্যক বিদেশী অন্তৰ্ভুক্ত কৰা হ’ল বুলি মন্তব্য কৰি তেওঁ লগতে কয়, “বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰাৰ পাছত বা বিদেশী ন্যয়াধিকৰণত বিদেশীৰ অভিযোগত গোচৰ চলি থকাৰ সময়তো বহুতো লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হৈছে। ধুবুৰীত প্ৰায় ৪ হাজাৰ এনেধৰণৰ গোচৰ চলি আছে। সেই একে ধৰণে ডি-ভোটাৰৰ অধিক সদস্যৰে নাম অন্তৰ্ভুক্ত হৈছে।”

তেওঁৰ প্ৰশ্ন : গোচৰ চলি থকাৰ সময়ত তথা বিদেশী ঘোষণা কৰাৰ পাছত কেনেদৰে এনআৰচিৰ খচৰাই এইসকলৰ নাম সামৰি ল’ব পাৰিলে?

তেওঁ উক্ত সংবাদমেলত তথ্যসহকাৰে কয়, “বৰপেটাৰ কলতলিৰ ৰুপ মিঞা নামৰ এজন লোকৰ ৩জন ওচৰ চুবুৰীয়াৰ পৰা সাক্ষী লৈ তেওঁলোকৰ জবানবন্দীৰে আবেদনকাৰীক অন্তৰ্ভুক্ত কৰা হ’ল। যিগৰাকীৰ লিগেছি ব্যক্তিৰ নাম আবেদনকাৰীৰ নথিৰ লগত অসংগতিপূৰ্ণ।”

ধুবুৰীৰ বালাজানৰ পাঁচটা পৰিয়ালৰ ভিতৰত এটা পৰিয়ালৰ বংশবৃক্ষ পৰীক্ষণ কৰি অন্য চাৰিটাৰ বংশ পৰীক্ষণ নকৰাকৈয়ে তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰিলে বুলিও তেওঁ কয়।

তেওঁ সংবাদমেলত জানিবলৈ দিয়া মতে “আবেদ আলীয়ে  লিগেছিটো অন্য এজন মানুহৰ পৰা ব্যৱহাৰ কৰিছিল, সেই লিগছিটো ভুল বুলি নিজেই স্বীকাৰ কৰাৰ পাছতো ক’ৰ্ট এফিডেফিটৰ জৰিয়তে পিতৃৰ নাম বকু মিঞাৰ সলনি বছেদ আলী কৰি তেওঁৰ নাম অন্তৰ্ভুক্ত কৰিছে।”

আনহাতে, এনআৰচি প্ৰক্ৰিয়াত ব্যৱহৃত ছফটৱেৰটোত বহুতো খেলিমেলি থকা বুলি অভিযোগ তোলে উপমন্যু হাজৰিকাই। তেওঁৰ মতে “এনআৰচিৰ সেৱা কেন্দ্ৰৰ পৰা নাকচ কৰি পঠিওৱা বহুত কাগজো এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্য্যালয়ত অন্তৰ্ভুক্ত কৰি দিছিল।”

তেওঁ লগতে কয় “ক্ষেত্ৰীয় পৰীক্ষণৰ কোনো গুণগত পৰীক্ষা চক্ৰ পৰ্য্যায়ৰ অনুসন্ধানৰ পিছত হোৱা নাই, যদিও সকলো তথ্য ডিজিটেলাইজ কৰা হৈছে, তথাপিও তদন্তৰ প্ৰতিবেদন নিয়মাৱলী ২(৩) আৰু নিয়মাৱলী ৩(৪) ডি এম আই টি ৰ অধীনত থকা প্ৰতিবেদনসমূহ প্ৰথমখন খচৰা প্ৰকাশ কৰোঁতে ডিজিটাইজ কৰা নহ’ল।”

উল্লেখ্য যে, তেওঁ দাঙি ধৰা উপৰোক্ত বিসংগতিসমূহ সামৰি দেওবাৰে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু ভাৰতৰ মহা পঞ্জীয়কলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে অনতিপলমে বিসংগতিসমূহ দূৰ কৰাৰ বাবে দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 14, 2025 1:35 pm
‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

‘বাংকাৰ’ত লৈছিল আশ্ৰয়, খাটিছিল জেলো; এইবাৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আইভৰি কোষ্টৰ ‘লৌহ মানৱী’

September 14, 2025 12:46 pm
ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

ভাইৰেল নেপালৰ ভিডিঅ’ক লৈ ইউটিউবাৰ অৰ্পিত শৰ্মাৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু

September 14, 2025 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 14, 2025 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd