বিদায় ২০১৮’ : অসমে হেৰুৱালে সাংস্কৃতিক জগতৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তিত্ব

Du7nz7sU0AA_aW_

২০১৮’বৰ্ষক বিদায় দিয়াৰ সময় সমাগত। আশাৰ বতৰা লৈ আমাৰ সন্মুখত পুনৰ আহি উপস্থিত হৈছেহি আৰু এটি নৱবৰ্ষ। এই মুহূৰ্তত আমি সাধাৰণতে উভতি চাও বিগত বৰ্ষত আমি কি পালো কি হেৰুৱালো। পোৱাৰ আনন্দ অৱশ্যেই আছে, কিন্তু হেৰুওৱাৰ বেদনাক উপলব্ধি কৰি অসমৰ সাংস্কৃতিক জগত উকা কৰি আমাৰ মাজৰ পৰা আঁতৰি যোৱা সেই মহান ব্যক্তিসকলক বৰ্ষান্তত এবাৰ সুঁৱৰিব খুজিছো।

বিদায়ী বৰ্ষত আমাৰ মাজৰ পৰা আঁতৰি যোৱা সাংস্কৃতিক জগতৰ ব্যক্তি সকলৰ অন্যতম আছিল নাট্যকাৰ, চিত্ৰনাট্যকাৰ তথা পৰিচালক মুনীন বৰুৱা। অসমীয়া বাণিজ্যিক চলচ্চিত্ৰৰ এগৰাকী সফল পৰিচালক হিচাপে পৰিচিত মুনীন বৰুৱাৰ ২০১৮ বৰ্ষৰ এপ্ৰিল মাহৰ ৭ তাৰিখে গুৱাহাটীৰ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ।

চলচ্চিত্ৰ নিৰ্মাতা তপোব্ৰত বৰুৱাৰ মৃত্যুও বিগত বৰ্ষৰ আন এক বেদনাদায়ক ঘটনা। ৮০’ৰ দশকত অসমীয়া ছবি ‘বোৱাৰী’ৰ পৰিচালনাৰে অসমীয়া চলচ্চিত্ৰৰ দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা বৰুৱাৰ বিদায়ী বৰ্ষৰ ২০ মাৰ্চত নতুন দিল্লীৰ মুলচান্দ হাস্পাতলত পৰলোকপ্ৰাপ্তি ঘটে। উল্লেখযোগ্য যে বৰুৱাৰ পত্নী মৃদুলা বৰুৱা অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অতি জনপ্ৰিয় অভিনেত্ৰী।

প্ৰায় পঞ্চাশখনতকৈয়ো অধিক অসমীয়া চলচ্চিত্ৰত অভিনয় কৰা অভিনেতা গুণ মহন্তৰ ২০১৮ বৰ্ষৰ ২৭ আগষ্টত নগাঁৱৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মহন্তই অভিনয় কৰা উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম হৈছে ‘ৰণাংগিনী’, ‘শেষ উপহাৰ’, ‘প্ৰেম আৰু প্ৰেম’, ‘মৰম নদীৰ গাভৰু ঘাট’, ‘মাঘত মামনিৰ বিয়া’ আদি।

উজান বজাৰৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত লক্ষ্যধৰ চৌধুৰী ৰচিত ‘আলিবাবা’ নাটকত এটি শিশু অভিনেতাৰ চৰিত্ৰত অভিনয়েৰে অভিনয় জীৱনৰ পাতনি মেলা প্ৰসিদ্ধ অভিনেতা বাদল দাসৰ যোৱা আগষ্ট মাহৰ ১১ তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। বাদল দাসে তেওঁৰ জীৱনকালত দুশখনতকৈয়ো অধিক নাটকত অভিনয় কৰি গৈছে।

২০১৮ বৰ্ষতে আমি হেৰুৱালো প্ৰখ্যাত নাট্যশিল্পী শুক্ৰাচাৰ্য ৰাভাক। মাত্ৰ ৪১ বছৰ বয়সত যোৱা ৮ জুন তাৰিখে ৰাভাৰ পৰলোকপ্ৰাপ্তি ঘটে। মুকলি আকাশৰ তলত থিয়েটাৰ মহোৎসৱ পাতি ৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰা ৰাভাই গোৱালপাৰাৰ ৰাভা ভাষা –সংস্কৃতিৰ উত্তৰণৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ লগতে থিয়েটাৰৰ জৰিয়তে পৰিৱেশ সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰিছিল। ১৯৯৮ চনত বাদুংদুপ্পা কলা কেন্দ্ৰ প্ৰতিষ্ঠাৰে পৰীক্ষামূলক নাট উপস্থাপনাৰে শুক্ৰাচাৰ্য ৰাভাই নাট্য আন্দোলনক এক নতুন মাত্ৰা আনি দিছিল।

বিদায়ী বৰ্ষৰ আন এক বেদনাগধূৰ ঘটনা হিচাপে উল্লেখ কৰিব লাগিব অসমৰ কোকিলকণ্ঠী গায়িকা দিপালী বৰঠাকুৰৰ দেহাৱসান। যোৱা ২১ ডিচেম্বৰত ৭৭ বছৰ বয়সত মৃত্যুবৰণ কৰা দিপালী বৰঠাকুৰ গীতত অসমৰ মাটি-পানী-বায়ুৰ গোন্ধ অতি সাৱলীল ৰূপত প্ৰৱহমান হৈ আছে। ‘সোণৰ খাৰু নেলাগে মোক’, ‘চেনাই মই যাওঁ দেই’, ‘সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’, আদি গীতৰ মাজেৰে শিল্পীগৰাকী অসমীয়া সংগীতৰ শ্ৰোতাৰ মাজত চিৰকাল সাঁচ বহুৱাই যাব।

এই স্বনামধন্য ব্যক্তিসকলৰ উপৰি বিদায়ী বৰ্ষতে অসমে হেৰুৱালে আন কেইবাগৰাকীও স্ব-প্ৰতিভাৰে প্ৰোজ্বল ব্যক্তিক। তেওঁলোকৰ ভিতৰত আছে চলচ্চিত্ৰ নিৰ্মাতা অমৰেন্দ্ৰ বৰদলৈ, ‘দুৰ্জন’ৰ অভিনেতা, প্ৰযোজক-পৰিচালক গুনীন বসুমতাৰী, চিত্ৰনাট্যকাৰ মানিক বৰা, বিশিষ্ট অভিনেতা প্ৰসন্ন গোস্বামী, সংগীতজ্ঞ তৌহিদুৰ ৰহমান(নাজু), চলচ্চিত্ৰ পৰিবেশক চি এছ নাৰায়ন।

আনহাতে, এই বৰ্ষতে আমাৰ মাজৰ পৰা হেৰাই গ’ল চলচ্চিত্ৰ সমালোচক ৰেজেক আলী আহমেদ, নাট্যকাৰ গিয়াছুদ্দিন আহমেদৰ লগতে সংগীত শিল্পী বাবুল নাগ।