NORTHEAST NOW (Assamese)

‘অগপ মানে আঞ্চলিকতাবাদ নহয়’; কংগ্ৰেছত ভোট দিব দলৰ প্ৰাক্তন শীৰ্ষ নেতাই

April 11, 2019 9:02 am · এন ই নাও নিউজ
Updated: April 11, 2019 10:53 am
প্ৰধান মন্ত্ৰী মোদীৰ সৈতে অগপ নেতাৰ ফাইল ছবি।

অসম গণ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক তথা অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক ৰাজীৱ ভট্টাচাৰ্য্যই এইবাৰৰ সাধাৰণ নিৰ্বাচনত ‘জাতীয় স্বাৰ্থত’ কংগ্ৰেছক ভোটদান কৰিব। এক বিবৃতিৰ জৰিয়তে আজি তেওঁ ঘোষণা কৰে।

অগপই অসমৰ স্বাৰ্থৰ পৰিপন্থী নাগৰিকত্ব বিধেয়ক আনিব খোজা বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰা আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছে চৰকাৰত আহিলে উক্ত বিধেয়ক গৃহীত নকৰে বুলি ঘোষণা কৰাৰ বাবেই তেওঁ কংগ্ৰেছক ভোট দিব বুলি বিবৃতিটোত উল্লেখ কৰে।

তেওঁ কয়, ‘যি বিজেপি দলে চৰকাৰ গঠন কৰিলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বুলি সদম্ভে ঘোষণা কৰিছে, সেই দলৰ সৈতে কি স্বাৰ্থত মিত্ৰতা হ’ল? জাতিৰ স্বাৰ্থত নে ব্যক্তিগত স্বাৰ্থত?’

‘কংগ্ৰেছে মোৰ প্ৰথম পৰিচয় মোৰ অসমীয়া স্বাভিমান ৰক্ষাৰ প্ৰতিশ্ৰুতি দিছে- সেইবাবে মই এইবাৰ কংগ্ৰেছক ভোট দিম’ বুলি মুকলিকৈ ঘোষণা কৰি তেওঁ কয়, ‘কংগ্ৰেছে এই বিধেয়কৰ সদায় বিৰোধিতা কৰি যাম বুলি ঘোষণা কৰাৰ পিছতো কাৰ স্বাৰ্থত কংগ্ৰেছক হৰুৱাৰ প্ৰয়োজন আহিল? যোৱা পাঁচটা বছৰত বিজেপিয়ে সকলোৰে প্ৰথম পৰিচয় সলনি কৰি ধৰ্মীয় পৰিচয়হে মূল পৰিচয় বুলি কৈ ভাৰতৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আনিছে।‘

তেওঁ আৰু কয়, ‘আঞ্চলিক আশা আকাংখ্যা পূৰণ নকৰাকৈ ভাৰতৰ অখণ্ডতা ৰক্ষা কৰাটো কোনোপধ্যেই সম্ভৱ নহয় বুলি কৰা কংগ্ৰেছৰ উপলব্ধি আঞ্চলিকতাবাদৰ বাবে শুভ লক্ষণ। আজিৰ পৰিস্থিতিত অসম আৰু অসমীয়াৰ স্বাৰ্থত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰৰহে প্ৰয়োজন। বিজেপিৰ দৰে জাতিধ্বংসী দলৰ নহয়।‘

ৰাজীৱ ভট্টাচাৰ্য্য, ফটোত নীলা ছাৰ্টত মাজৰজন

‘সময় সলনি হৈছে। এতিয়া কংগ্ৰেছ অস্পৃশ্য নহয় আৰু অগপ মানে আঞ্চলিকতাবাদ নহয়।‘ এইদৰে কয় এসময়ৰ সক্ৰিয় অগপ নেতা ৰাজীৱ ভট্টাচাৰ্য্যই।

উল্লেখযোগ্য যে অসম আন্দোলনৰ পতভূমিত নিৰ্মিত ‘সেউজী ধৰণী ধুনীয়া’ আৰু ‘আমি অসমীয়া’ আদি চলচ্চিত্ৰৰ নিৰ্মাতা ভট্টাচাৰ্য্যই প্ৰথমে সদৌ অসম ছাত্ৰ সন্থা আৰু পিছত অসম গণ পৰিষদত যোগদান কৰি সক্ৰিয় ৰাজনীতিত নামি পৰে। কিন্তু ২০০৮ চনত তেতিয়াৰ সভাপতি বৃন্দাবন গোস্বামীক অগপই দলটোৰ পৰা ‘অসুস্থ প্ৰক্ৰিয়াৰে আঁতৰাই’ দিয়াৰ প্ৰতিবাদত ভট্টাচাৰ্য্য দলীয় কাম-কাজৰ পৰা আঁতৰি আহে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত ভট্টাচাৰ্য্যই কয়, ‘অসমীয়া মোৰ প্ৰথম পৰিচয়। অসম ভাৰতৰ অংগৰাজ্য হোৱাৰ বাবে মোৰ আনটো পৰিচয় ভাৰতীয়। একেই কথা এজন বংগৰ বঙালী, মহাৰাষ্ট্ৰৰ মাৰাঠী নাইবা তামিলনাডুৰ তামিলৰ ক্ষেত্ৰটো প্ৰযোজ্য। আজিকালি কোনো কোনোৱে মোক মোৰ প্ৰথম পৰিচয় ভাৰতীয় বুলি বুজাব খোজে। যিটো সম্পূৰ্ণ ভুল।‘

তেওঁ লগতে আৰু কয়, ‘ভাৰতৰ সংবিধানত সকলোকে ভাষা-জাতি-সংস্কৃতি তথা ধৰ্ম ৰক্ষাৰ বাবে অধিকাৰ প্ৰদান কৰা হৈছে। বৈচিত্ৰৰ মাজত ঐক্য হৈছে ভাৰতীয় জাতিৰ ভেটি তথা শক্তি। সেয়েহে ভাৰতীয় হৈও মই বুকু ফিন্দাই কব পাৰো- মই অসমীয়া।‘

Related News