• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এফালে মন্ত্ৰীৰ নৃত্য আনফালে দৰমহাৰ মুখ নেদেখাকৈয়ে বৰপেটাত মৃত্যু শিক্ষকৰ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , April 11, 2019 10:08 am

2 min read

17db0b84-6fca-4ea9-afea-fafb8fe3f364

দেৱান আশ্ৰফ আলী

471
VIEWS
Share on FacebookShare on Twitter

ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰীৰ চূড়ান্ত মিথ্যাচাৰ তথা ভেন্সাৰ শিক্ষকৰ দুৰৱস্থাক কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফলশ্ৰুতিত ৰাজ্যত বৃদ্ধি পাইছে ভেন্সাৰ শিক্ষকৰ মৃত্যুৰ ঘটনা।

বছৰ বছৰ ধৰি বিনা বেতনে মানৱ সম্পদ গঢ় দি অহা ৰাজ্যৰ ভেন্সাৰ শিক্ষক কৰ্মচাৰীসকলক পৰিবৰ্তনকামী চৰকাৰখনেও চূড়ান্তভাবে বঞ্চিত কৰাত খোদ ৰাজ্যিক বিজেপিৰ গৃহ সমষ্টি সৰভোগত বুধবাৰে এগৰাকী শিক্ষকে কৰুণ মৃত্যুক সাৱটি লয়।

৩৫ বছৰে দৰমহাৰ মুখ নেদেখাকৈ মৃত্যুক সাৱটি লোৱা দুৰ্ভগীয়া শিক্ষক গৰাকী হ’ল দেৱান আশ্ৰফ আলী (৫৯) ৷ বৰপেটা জিলাৰ বৰবাৰীঝাৰত ১৯৭৯ চনত স্থাপন কৰা নৱমিলন এম ই বিদ্যালয়খনত ১৯৮৩ চনত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা আলীয়ে মৃত্যুৰ আগমুহুৰ্তলৈ প্ৰধান শিক্ষক পদত অধিষ্ঠিত আছিল।

প্ৰাদেশিকীকৰণ সন্দৰ্ভত বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ চূড়ান্ত হেমাহিৰ বাবেই প্ৰধান শিক্ষক গৰাকীয়ে চৰম হতাশাত দিন অতিবাহিত কৰিছিল। অৱশেষত বুধবাৰে বিয়লি প্ৰায় ৩ বজাত নিজ বাসগৃহতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দুৰ্ভগীয়া শিক্ষক গৰাকীৰ মৃত্যু হয়। প্ৰধান শিক্ষক গৰাকীৰ আকস্মিক বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে।

এনেদৰে দৰমহাৰ মুখ নেদেখাকৈয়ে শিক্ষকজনে মৃত্যুক আকোৱালি ল’ব লগীয়া হোৱা ঘটনাক অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

এক বিবৃতিত ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মা আৰু বৰপেটা জিলা শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ যুটীয়া সম্পাদক পুলেন্দ্ৰ দাসে জনায় যে, বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বিগত প্ৰায় তিনি  বছৰ ধৰি শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণত অযথা বিলম্ব কৰাৰ বাবে মানৱ সম্পদ গঢ় দি অহা ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীয়ে জীৱনৰ নিৰাপত্তা হেৰুৱাই পেলাইছে।

ইয়াৰ উপৰি পূৰ্বে পাই থকা আৰ্থিক সাহায্যখিনিও এইখন চৰকাৰে কাঢ়ি নিয়াৰ ফলত আৰ্থিক দীনতাত ভেন্সাৰ শিক্ষক কৰ্মচাৰী সকলে মৃত্যুৰ ক্ষণ গণি থকা বুলিও ঐক্যমঞ্চৰ নেতা দুগৰাকীয়ে জনায়।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd