NORTHEAST NOW (Assamese)

পৰীক্ষাত ক’ৰ’না নিগেটিভ আহিল মিজোৰামত মৃত্যু হোৱা মাধুৰ্য্য ভূঞাৰ

April 3, 2020 12:37 pm · এন ই নাও নিউজ
Updated: April 3, 2020 3:57 pm

আইজলত বৰিবাৰে মৃত্যু হোৱা মাধুৰ্য্য ভূঞা নামৰ অসমৰ ৩৬ বছৰীয়া জেষ্ঠ গাননিক বিষয়া গৰাকী ক’ৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা নাই বুলি নিশ্চিত হৈছে।

মিজোৰামৰ এগৰাকী বিষয়াই সোমবাৰে মাধুৰ্য্য ভূঞাৰ নমুনা শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ হাস্পাতাললৈ ক’ৰ’নাৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল বুলি কয়।

বৃহস্পতিবাৰে অহা পৰীক্ষাৰ ফলাফল অনুসৰি বিষয়া গৰাকীৰ মৃত্যু ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা নাই বুলি নিশ্চিত হয়।

উল্লেখযোগ্য যে, ৰবিবাৰে নিজৰ থকা ঘৰৰ ভিতৰতে মাধূৰ্য্য ভূঞাৰ মৃতদেহ উদ্ধাৰ হৈছিল।

কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী জেষ্ঠ গাননিক বিষয়া হিচাপে তেওঁ মিজোৰামত কাৰ্য্যনিৰ্বাহ কৰি আছিল।

পত্নী আৰু নিজৰ সন্তানক নিজৰ ঘৰত এৰি তেওঁ মিজোৰামত অকলশৰে আছিল বুলি জানিব পৰা গৈছে।

তেওঁৰ সহকৰ্মী সকলে ভূঞা মৃত্যুৰ কেইদিন মান পূৰ্বৰে পৰা জ্বৰত ভূগি আছিল বুলি উল্লেখ কৰিছিল।

Related News