NORTHEAST NOW (Assamese)

গোলাঘাটত নিজৰ পত্নী, শহুৰেক আৰু শাহুৱেকক হত্যা কৰি সন্তানসহ আত্মসমৰ্পণ ঘাতক স্বামীৰ

July 25, 2023 4:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 25, 2023 5:04 pm

গোলাঘাটত সোমবাৰে এজন ৩৫ বছৰীয়া যুৱকে নিজৰ পত্নী, শহুৰেক আৰু শাহুৱেকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

তিনিজনক হত্যা কৰি নজিবুৰ ৰহমান বৰা নামৰ লোকজনে নিজৰ ৯ মহীয়া সন্তানৰ সৈতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

মৃত ব্যক্তিকেইজন হৈছে নাম শহুৰেক সঞ্জীৱ ঘোষ, শাহুৰেক জুনু ঘোষ আৰু পত্নী সংঘমিত্ৰা ঘোষ। 

জানিব পৰা মতে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰিছিল ঘাতক নজিবুৰে।

আৰক্ষীয়ে জনোৱা মতে, গোলাঘাট নগৰৰ হিন্দী স্কুল ৰোড অঞ্চলত সঞ্জীৱ ঘোষৰ ঘৰত সংঘটিত হৈছে এই ঘটনা। বিবাহ বিচ্ছেদক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হৈ শেষ পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হয়।

এই ঘটনাক লৈ গোলাঘাট নগৰত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে। 

আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related News