• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমলৈ প্ৰব্ৰজনৰ শংকা! মিজোৰামত কুকি-চিন বাংলাদেশী শৰণাৰ্থী; কেন্দ্ৰীয় চৰকাৰ নীতি কি?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
November 24, 2022 4:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২০ নৱেম্বৰত মিজোৰামত প্ৰৱেশ কৰা বাংলাদেশৰ কুকি-চিন সম্প্ৰদায়ৰ ২৭০ জনৰো অধিক সদস্যক ৰাজ্য চৰকাৰৰ নথিত “আনুষ্ঠানিকভাৱে স্থানচ্যুত ব্যক্তি” বুলি কোৱা হৈছে। কিয়নো শৰণাৰ্থীসকলৰ ক্ষেত্ৰত ভাৰতৰ কোনো আইন নাই। সাধাৰণতে বৈধ ভ্ৰমণ নথি অবিহনে দেশত প্ৰৱেশ কৰা বিদেশী নাগৰিকসকলক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰা হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য মতে, ২৫ টি নৱজাতক আৰু ৬০ গৰাকী মহিলাকে ধৰি ২৭০ জনীয়া কুকি-চিন সম্প্ৰদায়ৰ দলটো যোৱা ২০ নৱেম্বৰৰ পুৱতি নিশা বাংলাদেশ-মিজোৰাম সীমান্তত থকা সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) টহল চকীৰ কাষ চপাৰ পিছত তেওঁলোকক প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।

তেওঁলোকৰ লগত কোনো টালি-টোপোলা নাছিল আৰু মানৱীয়তাৰ ভিত্তিত তেওঁলোকক ভাৰতত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছিল।

লগতে পঢ়ক: অসম-মেঘালয় সীমান্তৰ মুক্ৰৰ দুৰ্ভাগ্যজনক ঘটনাৰ উচিত অনুসন্ধানৰ দাবী অসম নাগৰিক সমাজৰ

দৰাচলতে, বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চলৰ খ্ৰীষ্টান সম্প্ৰদায়ে মিজোৰামৰ লোকসকলৰ সৈতে ঘনিষ্ঠ জনগোষ্ঠীগত সম্পৰ্কত বান্ধ খাই আছে। মিজোৰাম চৰকাৰে এই সম্প্ৰদায়টোৰ বাবে অস্থায়ী আশ্ৰয় শিৱিৰ আৰু অন্যান্য সুবিধা স্থাপনৰ বাবে অনুমোদন জনাইছে।

বাংলাদেশ ৰেপিড একচন বেটেলিয়নে ইয়াৰ কিছুমান বিদ্ৰোহীৰ বিৰুদ্ধে পদক্ষেপৰ গ্ৰহণৰ পিছত তেওঁলোকে ভাৰতত আশ্ৰয় বিচাৰে।

তেওঁলোকৰ কাকো বিতাড়িত বা ঘূৰাই নপঠোৱাৰ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি চাৰিখন বিদ্যালয় শৰণাৰ্থীসকলৰ বাবে আশ্ৰয় শিৱিৰলৈ পৰিৱৰ্তন কৰা হৈছে।

২০২১ চনৰ ফেব্ৰুৱাৰীত চুবুৰীয়া দেশখনত সামৰিক অভ্যুত্থানৰ পিছত মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ পৰা অহা ৪০ হাজাৰতকৈও অধিক শৰণাৰ্থীক দিয়া আশ্ৰয়ৰ দৰে এই শৰণাৰ্থীসকলকো একে ধৰণে ৰখা হ’ব।

উল্লেখ্য যে ২০২১ চনত, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ মুখ্য সচিবসকলক “ম্যানমাৰৰ পৰা ভাৰতলৈ ঘটা অবৈধ অনুপ্ৰৱেশ নিয়ন্ত্ৰণ কৰিবলৈ আইন অনুসৰি উপযুক্ত ব্যৱস্থা ল’বলৈ” কৈছিল।

লগতে পঢ়ক:পাকিস্তানৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল চৈয়দ আসিম মুনীৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কৈছিল যে ৰাজ্য চৰকাৰৰ কোনো বিদেশীক “শৰণাৰ্থী’ৰ মৰ্যাদা দিয়াৰ কোনো ক্ষমতা নাই আৰু ভাৰত ১৯৫১ চনৰ ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সন্মিলন আৰু ইয়াৰ ১৯৬৭ চনৰ প্ৰটোকলৰ স্বাক্ষৰকাৰী নহয়।

মিজোৰামত এইদৰে ঘটা শৰণাৰ্থীৰ অনুপ্ৰৱেশে সীমান্তত থকা অসমৰ বাবেও শংকাৰ সৃষ্টি কৰে। কিয়নো মিজোৰামৰ পৰা অসমলৈ প্ৰব্ৰজন ঘটাৰ যথেষ্ট সম্ভাৱনা আছে। অসমত কুকি সম্প্ৰদায়ৰ লোক দীৰ্ঘসময়ৰ পৰা অসমত বসবাস কৰি আছে। ৰাজ্যখনৰ কাৰ্বি আংলং আৰু ডিমা হাচাওত কুকি সম্প্ৰদায়ৰ লক্ষাধিক লোক সূদীৰ্ঘ কালৰে পৰা বসবাস কৰি আছে।

উল্লেখ্য যে কুকি-নগা সংঘাতৰ সময়ত বহু কুকি লোকে আশ্ৰয় বিচাৰি অসমত প্ৰৱেশ কৰিছিল। অৱশ্যে পিছত পৰিস্থিতি স্বাভাৱিক হোৱাত তেওঁলোকে নিজ স্থানলৈ প্ৰত্যাৱৰ্তন কৰিছিল। শেহতীয়াভাৱে হোৱা শৰণাৰ্থী অনুপ্ৰৱেশৰ ঘটনাৰ পিছত অসমত পুনৰ প্ৰব্ৰজনৰ সম্ভৱনা নুই কৰিব নোৱাৰি। যিহেতু এই শৰণাৰ্থীসকলৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কোনো স্পষ্ট নীতি নাই।

বাতৰি অনুসৰি, এই কুকি-চীন-বাংলাদেশী শৰণাৰ্থী বিষয়টোকলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে কথা পাতিছে।

অসমত কুকি জনগোষ্ঠী ৰাজ্যখনৰ সামাজিক-ৰাজনৈতিক জীৱনৰ সৈতে মিলি গৈছে। অসমৰ কুকি জনগোষ্ঠীয়ে ব্ৰিটিছৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ ইতিহাসো আছে। কুকি জনগোষ্ঠীৰ অন্তৰ্গত কেইবাটাও উপজাতি দীৰ্ঘদিনে অসমৰ সমাজ জীৱনৰ অবিচ্চেদ্য অংগ হিচাপে বসবাস কৰি আছে।

লগতে পঢ়ক:ভূস্বৰ্গত সক্ৰিয় ৩০০ পাক সন্ত্ৰাসবাদী! পাক অধিকৃত কাশ্মীৰ পুনৰুদ্ধাৰৰ প্ৰস্তাৱ ১৯৯৪ চনৰে প্ৰস্তাৱঃ সেনা বিষয়াৰ মন্তব্য

অতীজৰে পৰা অসমত থকা এই কুকি জনগোষ্ঠীৰ লোকসকলৰ সৈতে সম্পৰ্কৰ ৰেশ টানি অসমতো কুকি শৰণাৰ্থীৰ প্ৰৱেশ ঘটিব পাৰে নেকি?

এই সন্দৰ্ভত কুকি সম্প্ৰদায়ৰ নেতা হেচন ছিটলহোৱে কয় যে বাতৰিত আমি পাইছো যদিও অসমলৈ এতিয়াও অনুপ্ৰৱেশৰ কোনো ঘটনা ঘটা নাই। তেনে কিবা ঘটিলে আমি নিশ্চয় গম পাম। অসমত এতিয়া বসবাস কৰা কুকি লোকসকল সকলো ১৯৬৪ চনৰ পূৰ্বৰ। তাৰপিছত কোনো লোক অহা নাই। তেওঁ জানিবলৈ দিয়া মতে অসমৰ কাৰ্বি আংলং জিলাত প্ৰায় ৩০ হাজাৰ মান কুকি সম্প্ৰদায়ৰ লোক বাস কৰে। আনহাতে, ডিমা হাচাওত কুকি ভাষী সম্প্ৰদায়টোৰ প্ৰায় ৬০ হাজাৰ লোকৰ উপৰি কুকি জনগোষ্ঠীৰ উপজাতিৰ আন ৪০ হাজাৰ লোকেও বসবাস কৰি আছে। 

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd