NORTHEAST NOW (Assamese)

৫ দিনে সন্ধানহীন অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ

December 28, 2019 4:47 pm · এন ই নাও নিউজ
Updated: December 28, 2019 4:51 pm
ইছাদুল হক। ফটো ফেচবুকৰ পৰা সংগৃহীত

যোৱা মঙলবাৰ অৰ্থাৎ ২৩ ডিচেম্বৰৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ সন্ধানহীন হৈ আছে। মঙলবাৰৰ আবেলিৰ পৰা নিখুজ হৈ থকা ছাত্ৰজন চিকিৎসা মহাবিদ্যালয়খনৰ নৱম ষান্মাষিকৰ ইছাদুল হক।

ছাত্ৰজনৰ ঘৰ হোজাইত। তেওঁৰ অবিভাৱকে ইতিমধ্যে এই সম্পৰ্কত আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে। অভিভাৱকৰ মতে মঙলবাৰে নিশা প্ৰায় ৭ বজাত হোষ্টেলৰ পৰা ওলাই যোৱাৰে পৰা ইছাদুল ঘূৰি অহা নাই।

আনহাতে হোষ্টেলৰ আন আৱাসী তথা তেওঁৰ সহপাঠী সকলৰ সৈতে যোগাযোগ কৰাত তেওঁলোকেও এই সম্পৰ্কে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে।

জানিব পৰা মতে অহা বৰ্ষৰ ২ জানুৱাৰীৰ পৰা ইছাদুলৰ ষান্মাষিকৰ পৰীক্ষা আৰম্ভ হোৱাৰ কথা। এম বি বি এছ পাঠক্ৰম সম্পূৰ্ণ কৰিবলৈ মাত্ৰ কেইটামান দিন বাকি থকা ছাত্ৰগৰাকী এইদৰে নিখুজ হৈ পৰিয়ালৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু বন্ধু-বান্ধৱীসকল চিন্তিত হৈ পৰিছে।

Related News