আই চি চি বিশ্বকাপ ২০১৯’ৰ ভাৰতৰ বিৰুদ্ধে খেলা মেচত আফগানিস্তানক সমৰ্থন অসমৰ গো-পালকৰ

vwjaasdxl3x21-1140x570

আই চি চি বিশ্বকাপ ২০১৯’ৰ শনিবাৰে অনুষ্ঠিত প্ৰতিযোগিতাৰ খেলখনত ভাৰত বেটিং বিক্ৰমৰ বিৰুদ্ধে আফগানিস্তানৰ স্পীন যুটি মহম্মদ নবী আৰু ৰছিদ খানৰ প্ৰদৰ্শন হৈ পৰিছে মুখ্য আকৰ্ষণ।

কিন্তু, নিজ দেশৰে অসমৰ এক ভিতৰুৱা অঞ্চলত সহস্ৰাধিক গো-পালকে আপগানিস্তানৰ ক্ৰিকেট দলটোক সমৰ্থন কৰাৰ কাৰণ বিচাৰি পাইছে।

গো-পালকসকলে ক্ৰিকেট নেখেলে যদিও তেওঁলোকে আফগানিস্তানৰ দলটোৱে বিৰাট কোহলীৰ দলটোক পৰাজিত কৰাটো বিচাৰে।

গো-পালকসকল ভাৰত-বিৰোধী নহয়, আৰু তেওঁলোকে কোনো বিচ্ছিন্নতাবাদী আন্দোলনো কৰা নাই। কিন্তু তেওঁলোকে আফগানিস্তানৰ ক্ৰিকেটাৰসকলক তেওঁলোকৰ ‘’নিজৰ দল’’ৰ হিচাপে চিনাক্ত কৰিবলৈ আৰম্ভ কৰিছে।

মুখ্যত: গাখীৰৰ বিশাল উৎপাদক কোম্পানী ‘আমূল’ আফগানিস্তান ক্ৰিকেট দলটোৰ মুখ্য স্পনছৰাৰ।আকৌ গো-পালকসকল অসমত আমূলৰ শক্তিশালী মিল্ক প্ৰডিউছাৰছ ৱেলফেয়াৰ এছোচিয়েশ্যন (এম পি ডব্লিউ এ)ৰ সদস্য।

‘’গো-পালক হিচাপে, গাঁৱত ভাল দৰত সদায় গাখীৰ বিক্ৰী কৰাটো আমাৰ বাবে কঠিন আছিল। আকৌ, ‘আমূল’ৰ বাবেই আমি বৰ্তমান গাখীৰৰ ভাৰ দৰ লাভ কৰিছো,’’-শনিবাৰে টিহুৰ এগৰাকী গো-পালক ৰঞ্জিত দাসে নৰ্থইষ্ট নাওৰ আগত এইদৰে কয়।

আমূলৰ উৎপাদিত সামগ্ৰীৰ বিপণনকাৰী গুজৰাট কোপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন লিমিটেডে বিগত কেইবছৰ ধৰি মধ্য আৰু নামনি অসমৰ গো-পালকসকলক ‘এম পি ডব্লিউ এ’ ৰ অধীনত সংগঠিত কৰিবলৈ আৰম্ভ কৰিছে।

ইয়াৰ ফলস্বৰূপে, অসমৰ ভিতৰুৱা অঞ্চলত আমূলৰ ভাল কামৰ বাবে গো-পালকসকলে উপভোক্তাৰ ধনৰ সিংহভাগ লাভ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰায় ৭৫,০০০ গো-পালকে বৰ্তমান আমূলৰ সৈতে কাম কৰি আছে।

গাখীৰ সংগ্ৰহৰ উপৰি আমূলে লগতে গাইগৰুৰ বাবে সন্তুলিত খাদ্য যোগান, পৰিপূৰক খাদ্য, পশু চিকিৎসা সেৱা আৰু ঘাঁহৰ বীজকে ধৰি উৎপাদকসকলৰ বাবে উৎপাদন বৃদ্ধিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

আফগানিস্তান ক্ৰিকেট দলৰ খেলুৱৈসকলে তেওঁলোকৰ জাৰ্চিত গৌৰৱেৰে আমূলৰ লগ’ পৰিধান কৰাৰ বাবে অসমৰ গো-পালকসকলে ইয়াৰ বাবে অত্যন্ত গৌৰৱান্বিত হৈ পৰিছে।

‘’তেওঁলোকে (আফগানিস্তান ক্ৰিকেট দল) আমাক আই চি চি বিশ্বকাপত প্ৰতিনিধিত্ব কৰিছে,’’-নলবাৰীৰ আন এগৰাকী গো-পালক ৰমেশ বৈশ্যই কয়।

আমূলৰ শক্তিশালী লগ’টোৱে যিদৰে অসমৰ ভিতৰুৱা অঞ্চলৰ গো-পালকসকলক ঐক্যবদ্ধ কৰিছে, তেওঁলোকে অনুভৱ কৰে যে ‘ব্ৰেণ্ড ভেল্যু’ৰ বাবে তেওঁলোকে আফগানিস্তানৰ ক্ৰিকেট দলটোলৈ সমৰ্থন আগবঢ়োৱা উচিত।

বৰ্তমান, উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ মহানগৰ গুৱাহাটীত গাখীৰ বিক্ৰীৰ ক্ষেত্ৰত আমূলে বৃহৎ বজাৰ লাভ কৰিছে আৰু প্ৰতিদিনে আমূল ব্ৰেণ্ড শক্তিশালী ৰূপত প্ৰতিষ্ঠা লাভ কৰি আছে।